অসম

assam

ETV Bharat / state

হাতত লাঠী লৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান চিকিৎসকৰ

হাতত লাঠী লৈ কৰ্তব্য পালন এগৰাকী চিকিৎসকৰ ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত এই ঘটনা ৷ লংকা উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত চিকিৎসকগৰাকীয়ে প্ৰতীকি ৰূপত হাতত লাঠী লৈ এনেদৰে কৰ্তব্য পালন ৷

doctor-treated-at-hospital-with-lathi-in-hand
হাতত লাঠী লৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান চিকিৎসকৰ

By

Published : Jun 4, 2021, 7:46 PM IST

নগাঁও, 4 জুন : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত হাতত লাঠী লৈ কৰ্তব্য পালন এগৰাকী চিকিৎসকৰ । লংকাত চিকিৎসক আক্ৰমণৰ ঘটনাৰ পিছত হাতত লাঠী লৈ ৰোগীক প্ৰদান কৰিলে চিকিৎসা । হোজাই জিলাৰ লংকা উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক লৈ চিকিৎসক চিকিৎসা কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পিছত কাছাৰ জিলাতো চিকিৎসা কৰ্মীৰ দলৰ ওপৰত সংঘটিত হয় আক্ৰমণৰ ঘটনা ।

হাতত লাঠী লৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান চিকিৎসকৰ

এনে ঘটনা সংঘটিত হৈ যোৱাৰ পিছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ব্যতিক্ৰমী ৰূপত দেখা গ'ল এগৰাকী চিকিৎসকক । চিকিৎসকগৰাকীৰ নাম দিগন্ত বৰা । চিকিৎসক দিগন্ত বৰাই হাতত লাঠী লৈ চিকিৎসালয়ৰ ভিতৰত পালন কৰিছে নিজৰ দায়িত্ব ৷ হাতত লাঠী লৈয়েই চিকিৎসকগৰাকীয়ে চিকিৎসা প্ৰদান কৰিলে ৰোগীক । চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত চিকিৎসকগৰাকীয়ে প্ৰতীকি ৰূপত হাতত লাঠী লৈ এনেদৰে কৰ্তব্য পালন কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :এখন বাঁহৰ দলং আৰু বিধায়ক চক্ৰধৰ গগৈৰ 5 হাজাৰ টকাৰ অনুদান

ABOUT THE AUTHOR

...view details