নগাঁও, 19 জুলাই :নগাঁৱৰ এগৰাকী মহিলাৰ পেটৰ পৰা ওলাল 7.8 কেজি ওজনৰ টিউমাৰ । প্ৰায় চাৰিঘণ্টাৰ অন্তত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চিকিৎসক নজৰুল ইছলামে । তথ্য অনুসৰি, নগাঁৱৰ দগাঁও ধিং গাঁৱৰ মহম্মদ আলীৰ পত্নী হনুফা খাতুন দীৰ্ঘদিন ধৰি ভূগি আছিল পেটৰ এক আভ্যন্তৰীণ ৰোগত । দিনক দিনে মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰাত মহিলাগৰাকীক লৈ চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক ।
আনকি মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত । অৱশ্যে পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ শৰীৰত কৰ্কট ৰোগ নথকাটো নিশ্চিত হোৱাত পুনৰ ঘৰলৈ অনা হয় মহিলাগৰাকীক । পৰৱৰ্তী সময়ত নগাঁৱৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ তথা সু চিকিৎসক নজৰুল ইছলামৰ কাষ চাপে । চিকিৎসক নজৰুল ইছলামৰ পৰামৰ্শ মতে মহিলাগৰাকীক নগাঁৱৰ মুল্লাপট্টিস্থিত নগাঁও নাৰ্চিংহোমত ভৰ্তি কৰা হয় ৷