গুৱাহাটী, ১৪ নৱেম্বৰ :বিগত কিছুদিন ধৰি কিডনী সৰবৰাহ(Ogran trafficking)ৰ ঘটনাই তোলপাৰ লগাই আছে সমগ্ৰ ৰাজ্যত ৷ সংবাদ মাধ্যমৰ ধাৰাবাহিক প্ৰতিবেদনত প্ৰকাশ পাইছিল এই ব্যৱসায়ৰে জড়িত পূৰ্বে প্ৰকাশ নোহোৱা কেতবোৰ তথ্য ৷ তাৰ ভিত্তিত চলিছিল আৰক্ষী(Dispur Police)ৰ অভিযান ৷ এই অভিযানত পোহৰলৈ আহে কিডনী ব্যৱসায়(Ogran trafficking)ৰে জড়িত কেতবোৰ ভয়ংকৰ সত্য ৷
বিশেষকৈ মৰিগাঁও জিলা(Morigaon District)ৰ ধৰমতুল অঞ্চলটো কিডনী ব্যৱসায়ৰ ঘাটি বুলি প্ৰকাশ পায় ৷ তদুপৰি এই ব্যৱসায়ত জড়িত বহুকেইজন দালালৰ নাম প্ৰকাশ কৰে আৰক্ষীয়ে ৷ অৰ্থাৎ আৰক্ষী, সচেতন লোকৰ অজ্ঞাতে একমাত্ৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি ধৰমতুল(Dharamtul)ৰ পৰা একাংশ দালালে দীৰ্ঘদিনে চলাই আহিছিল কিডনী ব্যৱসায়ৰ ছিণ্ডিকেট চক্ৰ ৷
লগতে চাওক:কিয় কিডনী বিক্ৰী নকৰি কলকাতাৰ পৰা উভতি আহিছিল কাঠমিস্ত্ৰী বৈৰাগী ?
অৱশেষত কিডনী ব্যৱসায়(Ogran trafficking)ৰে জড়িত এজন চিকিৎসকক শনিবাৰে গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষী(Dispur Police)য়ে ৷ ধৃত চিকিৎসকগৰাকী মুম্বাইৰ ডাঃ অক্ষয় সন্তোষ ৰাৱট ওৰফে ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কিছুদিন পূৰ্বে মহানগৰীৰ পৰা যুৱতী অপহৰণৰ এটা গোচৰ সংক্ৰান্তত সোধা-পোছাৰ বাবে থানালৈ মতা হৈছিল চিকিৎসকগৰাকীক ৷