অসম

assam

ETV Bharat / state

Diwali 2022 : দীপান্বিতাৰ বাবে ব্যস্ত ৰহাবাসী - Festival of Diwali

কাইলৈ দীপান্বিতা (Diwali 2022) ৷ ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷ নিজৰ ঘৰখন আলোকসজ্জাৰে উজলাই তুলিবলৈ নগাঁৱৰ ৰহাবাসীও পিছ পৰি ৰোৱা নাই (Diwali preparation at Raha) ৷ বজাৰতো ভিৰ বাঢ়িছে গ্ৰাহকৰ ৷

Diwali preparation at Raha
দীপান্বিতাৰ বাবে ব্যস্ত ৰহাবাসী

By

Published : Oct 23, 2022, 5:22 PM IST

ৰহা, 23 অক্টোবৰ :কাইলৈ পোহৰ আৰু আনন্দৰ উৎসৱ দীপান্বিতা । পোহৰৰ এই উৎসৱটিক আদৰিবলৈ ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷ বাদ পৰি ৰোৱা নাই নগাঁও জিলাৰ ৰহাবাসীও (Diwali preparation at Raha) ৷ নিজৰ ঘৰখন আলোকসজ্জাৰে উজলাই তুলিবলৈ ৰহাৰ বজাৰসমূহতো মাটিৰ চাকি, আতচবাজী আদিৰ দোকানত গ্ৰাহকৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে ৷

দীপান্বিতাৰ বাবে ব্যস্ত ৰহাবাসী

লগতে পূৰ্বৰ তুলনাত ৰহাৰ বজাৰসমূহতো ব্যাপক হাৰত মাটিৰ চাকিৰ চাহিদা, আতচবাজীৰ বজাৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ৷ আনহাতে, চীনৰ পৰা অহা অত্যাধুনিক ৰং-বিৰঙৰ বিভিন্ন লাইটেও ৰহাৰ বজাৰসমূহত স্থান পাইছে ৷ অৱশ্যে এনে চাহিদা বৃদ্ধিৰ মাজতো আধ্যাত্মিকতা একাষৰীয়া কৰি কিছু বাহ্যিকতাইহে স্থান পাইছে বুলি একাংশই মত পোষণ কৰিছে ৷

উল্লেখ্য যে, অতি প্ৰাচীন কালৰে পৰা দেৱালী উৎসৱ উদযাপন কৰি অহা হৈছে (Festival of Diwali) ৷ এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে বুলি লোকবিশ্বাস আছে (History of Diwali) ৷ প্ৰবাদ অনুসৰি, অমাৱস্যাৰ সেই দিনটোত চৈধ্য বছৰ পিছত বনবাস খাতি ৰাম, লক্ষ্মণ, সীতা আৰু হনুমান অযোধ্যালৈ উভতি আহিছিল ।

শ্ৰীৰামচন্দ্ৰ ঘৰলৈ উভতি অহাৰ আনন্দতে অযোধ্যাৰ প্ৰজাগণে জাকজমকতাৰে তেওঁক আদৰিছিল ৷ একপ্ৰকাৰে পুনৰ অযোধ্যালৈ ৰামক স্বাগতম জনাইছিল তেওঁৰ পৰিয়ালৰ লগতে অযোধ্যাৰ প্ৰজাই ৷ যাৰ বাবে এই দীপাৱলী উৎসৱটি পালন কৰা হয় ৷

আন এক পৌৰাণিক আখ্যান মতে, দ্বাপৰ যুগত ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰ পৰা বৰ লৈ অহংকাৰী হৈ পৰিছিল ৷ যাৰ ফলত তেওঁ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল । নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে ভগবান শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল ।

দুষ্টক দমন আৰু শান্তক পালন কৰাৰ স্বাৰ্থত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল । অত্যাচাৰী নৰকাসুৰৰ বধ হোৱাত তিনিও লোকৰ প্ৰজাই চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল । তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী পালন কৰি অহা হৈছে ৷

লগতে পঢ়ক :Distribution of Earthen lights: শিৱসাগৰত ভাৰতীয় জনতা মজদুৰ সংঘৰ মাটি চাকি বিতৰণ

ABOUT THE AUTHOR

...view details