কলিয়াবৰ,7 আগষ্ট:প্ৰতিবছৰে বানে বিধ্বস্ত কৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যানখনৰ এই জটিল পৰিৱেশৰ মাজতো কৰ্তব্য সম্পাদন কৰি আহিছে উদ্যানৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বনৰক্ষীসকলে ৷ বিশেষকৈ বানৰ সময়ত বনৰক্ষীসকলৰ জটিলতা বৃদ্ধি পায় দুগুণে ৷ বনৰক্ষীসকলৰ কাৰ্যৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে শুকুৰবাৰে প্ৰকৃতিপ্ৰেমী সংগঠন ৱাইল্ড উড কেম্পাৰ্চে বনৰক্ষীসকলৰ মাজত বিতৰণ কৰে বান সাহায্য ৷ সংগঠনটোৰ উক্ত কাৰ্যত সহযোগিতা আগবঢ়াই আছাম ৰাইন’জ মটৰ চাইকেল ক্লাৱে ৷ বান সাহায্য বিতৰণৰ বাবে অনুষ্ঠিত সভাখনৰ আঁত ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে উদ্যানখনৰ লগতে লগতে নদী পৰ্যটন আৰু সমীপৰ ঠাইত পাৰিৱেশিক পৰ্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে অৱগত কৰে ৷
প্ৰকৃতিপ্ৰেমী সংগঠন ৱাইল্ড উড কেম্পাৰ্চৰ বান সাহায্য বিতৰণ - Kaziranga Wildlife Santuary
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনৰক্ষীৰ মাজত বিতৰণ বান সাহায্য ৷ এই সাহায্য বিতৰণ কৰে ৱাইল্ড উড কেম্পাৰ্চ আৰু আছাম ৰাইন’জ মটৰ চাইকেল ক্লাৱ নামৰ সংগঠন দুটাই ৷

বান সাহায্য বিতৰণ
বান সাহায্য বিতৰণ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত বান সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি উদ্যানখনৰ সঞ্চালক গৰাকীৰ লগতে বন বিষয়া ৰমেশ গগৈ আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপণ নেওগে সংগঠন দুটাৰ এই পদক্ষেপৰ শলাগ লয় ৷