কলিয়াবৰ, ২৮ এপ্ৰিল :কলিয়াবৰৰ ৩৭ নং পথৰ পৰা বজাৰমুখী গড়কাপ্তানি পথটোৰ নিৰ্মাণ কাৰ্য চলি আছে (PWD road construction at Kaliabor) । কিন্তু এই পথটো নিৰ্মাণত অসন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । কিয়নো কলিয়াবৰৰ কুঠৰীত শুকুৰবাৰে বহে সাপ্তাহিক বজাৰ । এই সাপ্তাহিক বজাৰৰ দিনটোতে পথ নিৰ্মাণ কাৰ্য চলোৱাৰ ফলত যাতায়াতত সমস্যা হৈছে গ্ৰাহক-ব্যৱসায়ীসকলৰ (dissatisfaction over PWD road construction at Kaliabor) ।
নিৰ্মাণ কাৰ্যৰ বাবে অঞ্চলটোত এক ধুঁৱলি-কুঁৱলি পৰিৱেশৰ সৃষ্টি হৈছে । ধোঁৱা-ধূলিৰে বিয়পি পৰিছে চৌদিশ । ফলত তীব্ৰ বায়ু প্ৰদূষণৰ সৃষ্টি হৈছে অঞ্চলটোত (air pollution at Kaliabor) । যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে সকলোৰে । লোক নিৰ্মাণ বিভাগৰ কলিয়াবৰ গ্ৰাম্য পথ সংমণ্ডলৰ অন্তৰ্গত কুঠৰীৰ পৰা কাৰ্বি আংলঙৰ এই পথছোৱা নিৰ্মাণৰ এই ব্যৱস্থাই স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলক ক্ষোভিত কৰি তুলিছে । স্থানীয় ৰাইজৰ মন্তব্য, পথ নিৰ্মাণ বা মেৰামতি অতি গুৰুত্বপূৰ্ণ বিষয়, তাত ৰাইজৰ আপত্তি কৰাৰ থল নাই ।
লগতে পঢ়ক :Agriculture revolution: এগৰাকী অৱসৰী শিক্ষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ