অসম

assam

ETV Bharat / state

ৰহাত উপস্থিত ভূৱনেশ্বৰৰ কেন্দ্ৰীয় নিৰ্মল জলজ জীৱ প্ৰতিষ্ঠানৰ সঞ্চালক - director of freshwater aquaculture

শুকুৰবাৰে ভূৱনেশ্বৰৰ কেন্দ্ৰীয় নিৰ্মল জলজ জীৱ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ এচ কে চুৱেনৰ লগতে কেন্দ্ৰীয় মীন উৎপাদন ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও বিষয়াই ৰহাৰ জোঙালবলহু গড় মীন পামত উপস্থিত হয় ৷ মীন পামখন পৰিভ্ৰমণ কৰি মীন পালকৰ লগত এক আলোচনাত মিলিত হয় ড৹ এচ কে চুৱেনে ৷

ৰহাত উপস্থিত কেন্দ্ৰীয় নিৰ্মল জলজজীৱ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ এচ কে চুৱেন
ৰহাত উপস্থিত কেন্দ্ৰীয় নিৰ্মল জলজজীৱ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ এচ কে চুৱেন

By

Published : Dec 18, 2021, 7:43 PM IST

ৰহা, 18 ডিচেম্বৰ : শুক্ৰবাৰে ৰহাৰ জে বি গড় মীন পামত উপস্থিত হয় ভূৱনেশ্বৰৰ কেন্দ্ৰীয় নিৰ্মল জলজজীৱ প্ৰতিষ্ঠানৰ(Central Institute of fresh water aquaculture in Bhubaneswar) সঞ্চালক ড৹ এচ কে চুৱেন ।

ড৹ এচ কে চুৱেনৰ লগতে কেন্দ্ৰীয় মীন উৎপাদন ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও বিষয়াই শুক্ৰবাৰে ৰহাৰ জোঙাল বলহু গড় মীন পামত উপস্থিত হৈ মীন পাম পৰিভ্ৰমণ কৰি চিতল মাছ, আমূল কাৰ্প, জয়ন্তী ৰৌ আদি কেইবাবিধো মাছৰ উৎপাদন(several species of fish production) সম্পৰ্কে বুজ লোৱাৰ লগতে মীন পামখনৰ সা- সুবিধাৰ সন্দৰ্ভত বুজ লয় । মীন পামখনত জিলাখনৰ উদ্যোগী বহু কেইগৰাকী মীন পালকৰ লগতো এক আলোচনাত মিলিত হৈ অসমত মৎস্য উৎপাদনৰ বিভিন্ন দিশৰ ওপৰত মত বিনিময় কৰে ।

ৰহাত উপস্থিত কেন্দ্ৰীয় নিৰ্মল জলজজীৱ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ এচ কে চুৱেন

নগাঁও জিলা মীন উন্নয়ন বিষয়া ড৹ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানত মীন পালকসকলে মীন উৎপাদন, প্ৰজনন আদিৰ ক্ষেত্ৰত থকা অসুবিধা আৰু উৎপাদনৰ ক্ষেত্ৰত মীন বিভাগে দিয়া প্ৰশিক্ষণৰ জৰিয়তে নিজাববীয়াকৈ ব্যৱসায়ৰ বাবে গঢ়িতোলা মীনপামৰ বিষয়ে বুজ লয় ।

অনুষ্ঠানত সঞ্চালক ড৹ চুৱেনে অসমৰ মীন উৎপাদন ক্ষেত্ৰখন পূৰ্বতকৈ অধিক আগবাঢ়িছে বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে মীন পালক সকলক 'মৎস্য সেতু' এপ ব্যৱহাৰৰ বাবে আহ্বান জনায় | এই এপৰ জৰিয়তে মীন পালকসকলে মীন পালনৰ ক্ষেত্ৰত অধিক উপকৃত হ'ব বুলি সঞ্চালকগৰাকীয়ে মত প্ৰকাশ কৰে । সঞ্চালক ড৹ চুৱেনৰ লগতে এই অনুষ্ঠানত ভূৱনেশ্বৰৰ(CIFA) মূখ্য বিজ্ঞানী ড৹ চি কে চক্ৰৱৰ্তী, মীন সঞ্চালক ড৹ সঞ্জয় শৰ্মাকে ধৰি বিভাগটোৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বটদ্ৰৱাৰ ফাৰুকৰ

ABOUT THE AUTHOR

...view details