অসম

assam

ETV Bharat / state

জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰহা সমষ্টিৰ একাংশ লোকক - raha.

ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজানবাসীক এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে দীৰ্ঘদিন ধৰি ৷ পথটো অতি শীঘ্ৰেই মেৰামতিৰ বাবে স্থানীয় ৰাইজে সংবাদ সাধ্যমযোগে অনুৰোধ জনালে জন প্ৰতিনিধিৰ লগতে, বিভাগীয় কৰ্তৃপক্ষক ৷

জৰাজীৰ্ণ পথ
জৰাজীৰ্ণ পথ

By

Published : Aug 20, 2020, 11:56 AM IST

বঢ়মপুৰ, 20 আগষ্ট:এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজানবাসীক ৷ শেহতীয়া বানত বিধ্বস্ত হৈ পৰা পথটোত এতিয়া এজাক বৰষুণতে হৈ সৃষ্টি হয় একাঠু বোকাৰ ৷ 4 বাৰকৈ হৈ যোৱা শেহতীয়া বানে পথটোৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ বগলাজানৰ সেই পথটো তিনিবাৰকৈ নিৰ্মাণ কৰা হ'ল যদিও, আধৰুৱা হৈ থাকিল নিৰ্মাণৰ কাম ৷

জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰহা সমষ্টিৰ একাংশ লোকক

যাৰ বাবে জৰাজীৰ্ণ পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে জন প্ৰতিনিধিৰ লগতে, বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷ কিয়নো বৰ্তমানলৈ গাঁও পঞ্চায়তৰ লোকে পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷ যাৰ বাবে স্থানীয় যুৱকসকলে নিজৰ গাঁঠিৰ ধন ভাঙি পথটো নিৰ্মাণ কৰিছিল যদিও পুনৰ নষ্ট হৈ যায় ৷ শেহতীয়াকৈ স্থানীয় বিধায়কে বান ক্ষতিগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে স্থানীয় লোকে ৷ আনহাতে পথটোৰ ওপৰেৰে বৈ অহা কপিলী নৈৰ বাঢ়নী পানীয়ে গাঁওখন বুৰাই পেলোৱাৰ লগতে, বিস্তৰ ক্ষতিসাধন কৰিছে অঞ্চলটোৰ কৃষিভূমি ৷

লগতে পঢ়ক:বিশেষভাৱে সক্ষম চঞ্চলৰ চৰকাৰলৈ আহ্বান, আমাক থাকিবলৈ এটা ঘৰ দিয়ক !

ABOUT THE AUTHOR

...view details