কলিয়াবৰত হ'ম ডেলিভাৰী ম'বাইল এপ মুকলি
কৰ'ণাৰ জটিল সময়ছোৱাত এই হ'ম ডেলিভাৰী ব্যৱস্থাৰ জৰিয়তে সৰ্বসাধাৰণ গ্ৰাহক উপকৃত হ'ব বুলি সকলোৱে আশা কৰিছে । এপটোৰ জৰিয়তে শাক-পাচলি, ফল-মূল, ফাষ্ট-ফুডৰ পৰা গেলামালৰ সামগ্ৰীসহ মাছ-মাংসও উপলব্ধ হ'ব ।
কলিয়াবৰত হ'ম ডেলিভাৰী ম'বাইল এপ মুকলি
কলিয়াবৰ, 2 চেপ্টেম্বৰ : নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ ঘৰৰ দুৱাৰমুখত পাব পৰাকৈ কলিয়াবৰৰ কুঠৰীত নতুনকৈ মুকলি হ'ল এক ম'বাইল এপ্লিকেছন । কলিয়াবৰৰ কুঠৰীৰ উদ্যোগী যুৱক দেৱজিৎ গগৈৰ প্ৰচেষ্টাত গ্ৰাহকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা এই ব্যৱস্থাটোৰ আনুষ্ঠানিকভাবে মুকলি কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে । কুঠৰীৰ লেণ্ডমাৰ্ক হোটেলত অনুষ্ঠিত এক সভাত এই এপটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে 'বেম্ব লেডী অৱ ইণ্ডিয়া' খ্যাত নীৰা শৰ্মা।
লগতে পঢ়ক :দক্ষ স্তনপানে শিশুৰ সৰ্বোত্তম পুষ্টি নিশ্চিত কৰে