কলিয়াবৰ, 15 ডিচেম্বৰ :আধৰুৱা হৈ ৰ’ল বহু সপোন ৷ অকালতে হেৰাই গ’ল আৰু এজন সমাজ হিতৈষী ব্যক্তি ৷ বিশিষ্ট সাহিত্যিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ভাতৃ তথা যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মৃতি সুৰক্ষা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি বৰগোহাঞি যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয় । তেওঁৰ মৃত্যুত কলিয়াবৰৰবাসী ৰাইজে হেৰুৱালে এজন জাতীয়তাবাদী ভাৱাপন্ন নিৰ্ভিক সমাজকৰ্মীক । ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ অঞ্চলতে পৰিছে শোকৰ ছাঁ ৷
জখলাবন্ধা নিৱাসী বৰগোহাঞিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি নিয়োগ বিষয়া হিচাপে যোগদান কৰিছিল ৷ পৰৱৰ্তী সময়ত চাকৰি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল । কলিয়াবৰৰ বিভিন্ন সামাজিক কৰ্মত জড়িত বৰগোহাঞি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত সংযুক্ত হৈ ছবছৰীয়া ছাত্ৰ আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী আছিল ।
1976 চনত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয় । 1983 চনত যোৰহাট মহাবিদ্যালয়ৰ পৰা সন্মানসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰগোহাঞি কিছুদিন নিয়োগ বিষয়া হিচাপে কৰ্মৰত আছিল ।