বটদ্ৰৱা, 17 জুনঃনগাঁৱৰ ধিঙত 'আৰোগ্য যোগ কেন্দ্র'ৰ ব্যতিক্রমী পদক্ষেপ । মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুজ দিয়াৰ লক্ষ্যৰে চলাই গৈছে যোগ চৰ্চ্চা আৰু প্ৰশিক্ষণ । শাৰীৰিক ব্যয়ামৰ যোগেদি COVID-19ৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰি থকা লগতে সামাজিক দুৰত্ব বজাই ৰাখি প্ৰতিযোগিতা বাবেও সাজু হৈছে আৰোগ্য যোগকেন্দ্ৰৰ শিক্ষার্থী সকল ।
বিগত সময়তো আৰোগ্য যোগ কেন্দ্রই ৰাজ্যৰ লগতে ৰাষ্ট্রীয় পর্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত অংশগ্রহণ কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হৈছিল । সেয়েহে এইবাৰো যোগ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক ৰূপজ্যোতি ক'ৰৰ নেতৃত্বতেই লক ডাউনৰ সময়ত শৰীৰ চৰ্চাৰ আৰু প্ৰশিক্ষণৰ সমানে সমানে প্ৰস্তুতি চলাইছে পাঁচজনীয়া এই দলটিয়ে।