অসম

assam

ETV Bharat / state

জুৰীয়াৰ সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ধিং প্ৰেছ ক্লাবৰ - জুৰীয়াৰ সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ধিং প্ৰেছ ক্লাৱৰ

নগাঁও জিলাৰ জুৰীয়াৰ বগৰিগুৰি পঞ্চায়তত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে ধিং প্ৰেছ ক্লাব আৰু জুৰীয়া প্ৰেছ ক্লাবৰ সাংবাদিক সকলে ।

dhing reporter protest
সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ধিং প্ৰেছ ক্লাৱৰ

By

Published : Jun 15, 2021, 10:19 PM IST

Updated : Jun 16, 2021, 12:10 PM IST

চামগুৰি,১ ৫ জুন :এইবাৰ ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা । জুৰীয়াত সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন স্থানত এই ঘটনাক গৰিহণা প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে । নগাঁও জিলাৰজুৰীয়াৰ বগৰিগুৰি পঞ্চায়তত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে ধিং প্ৰেছ ক্লাব আৰু জুৰীয়া প্ৰেছ ক্লাবৰ সাংবাদিক সকলে ।

জুৰীয়াৰ সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ধিং প্ৰেছ ক্লাবৰ

জুৰীয়া বগৰিগুৰি পঞ্চায়তৰ সভাপতি তথা কংগ্ৰেছী বাবুল আলীৰ নেতৃত্বত সাংবাদিকক আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ধিং প্ৰেছ ক্লাবে । ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাবুল আলীকে ধৰি ঘটনা সংঘটিত কৰা ব্যক্তিসকলক শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী জনাই ধিং প্ৰেছ ক্লাব আৰু জুৰীয়াৰ সাংবাদিক সকলে ।


লগতে পঢ়ক:আগন্তুক 22 জুনলৈ নতুন ক’ভিড নীতি ঘোষণা ৰাজ্য চৰকাৰৰ

Last Updated : Jun 16, 2021, 12:10 PM IST

ABOUT THE AUTHOR

...view details