নগাঁও,৩ এপ্ৰিল: ৰাজ্যজুৰি অব্যাহত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ । বিভিন্ন জিলাৰ সাংবাদিকসকলে শনিবাৰৰ দিনটোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । নগাঁও জিলাৰ ধিং প্ৰেছ ক্লাৱৰ উদ্যোগতো সাংবাদিকৰ নিৰাপত্তাৰ স্বাৰ্থত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ সাংবাদিকে । সাংবাদিকক ফোনযোগে ভাবুকি দিয়া মন্ত্ৰী পীযুষ হাজৰিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে সাংবাদিকসকলে ।
পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী ধিং প্ৰেছ ক্লাৱৰ - dhing protest
মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে বিভিন্ন জিলাৰ সাংবাদিকসকলে শনিবাৰৰ দিনটোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । নগাঁও জিলাৰ ধিং প্ৰেছ ক্লাৱৰ উদ্যোগতো সাংবাদিকৰ নিৰাপত্তাৰ স্বাৰ্থত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ সাংবাদিকে ।
পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী ধিং প্ৰেছ ক্লাৱৰ
উল্লেখ্য যে মায়ঙৰ দুই সাংবাদিক নজৰুল ইছলাম আৰু তুলসী মান্তাক ফোনযোগে ধমক দিয়াৰ লগতে ভাবুকি প্ৰদান কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই । তাৰ পিছতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে ধিং প্ৰেছ ক্লাৱেও প্ৰশাসনক দাবী জনাইছে ।
লগতে পঢ়ক:মন্ত্ৰী পিয়ুষৰ বিৰুদ্ধে সৰৱ হাফলং প্ৰেছ ক্লাব, ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়ন