অসম

assam

ETV Bharat / state

খহনীয়া প্ৰতিৰোধৰ দাবীঃ লাহৰীঘাটত ৰাইজৰ প্ৰতিবাদ

বাৰম্বাৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনোৱাৰ পিছতো গুৰুত্ব দিয়া নাই চৰকাৰে । উপায়হীন হৈ প্ৰতিবাদত নামিল মৰিগাঁৱৰ লাহৰীঘাটৰ ৰাইজ । খহনীয়া প্ৰতিৰোধৰ নামত বিভাগীয় কৰ্তৃপক্ষই জিঅ' বেগ ব্যৱহাৰ কৰি দায়িত্ব সামৰিলে আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে খহনীয়াগ্ৰস্ত লোকসকলে ।

By

Published : Jan 7, 2021, 8:36 PM IST

খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই লাহৰীঘাটত ৰাইজৰ প্ৰতিবাদ
খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই লাহৰীঘাটত ৰাইজৰ প্ৰতিবাদ

মৰিগাঁও, ৭ জানুৱাৰী: মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি জাহ গৈছে ইখনৰ পিছত সিখন ৰাজহ গাঁও । খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে পাৰ্কুপাইন, জিঅ' বেগ আদি ব্যৱহাৰ কৰিছে যদিও খহনীয়া প্ৰতিৰোধত ব্যৰ্থ হৈছে । এনে ব্যৱস্থা গ্ৰহণ কৰি কেৱল ৰাজকোষৰ ধন অপচয় কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষই । এতিয়া লাহৰীঘাটৰ ভূৰাগাঁৱত খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে জিঅ' বেগৰ কাম আৰম্ভ কৰিব বিচৰাত ক্ষুদ্ধ ৰাইজে ব্ৰহ্মপুত্ৰৰ পাৰত বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত পুৱাই ওলাই আহিল গাঁৱৰ পুৰুষ মহিলাসকল । উল্লেখ্য যে,খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই ভূৰাগাওঁবাসী ৰাইজে ইতিমধ্যে জলসম্পদ বিভাগ,মৰিগাওঁ জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

কিন্তু ইয়াৰ পিছতো অঞ্চলবাসীয়ে সুফল লাভ কৰিবলৈ সক্ষম নহ'ল। সেয়ে,পুনৰ জলসম্পদ বিভাগে জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম কৰিব বিচৰাত ক্ষুদ্ধ হৈ নৈৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । বিভাগীয় কৰ্তৃপক্ষই জিঅ' বেগ ব্যৱহাৰ কৰি দায়িত্ব সামৰিলে আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে খহনীয়াগ্ৰস্ত লোকসকলে । কিয়নো,খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা নকৰিলে এইবাৰো বাৰিষাত ব্ৰহ্মপুত্ৰ ভয়াৱহ খহনীয়া উছন হ'ব ৰাইজৰ মাটি-ভেঁটি ।

লগতে পঢ়ক:নাৰায়ণপুৰত কংগ্ৰেছৰ জোৰ সমদল

ABOUT THE AUTHOR

...view details