অসম

assam

ETV Bharat / state

অসমত ওলাইছে সাগৰৰ মূল্যৱান মুকুতা - পশ্চিমবংগ

বৰ্তমান বিশ্বৰ আগশাৰীৰ দেশসমূহত মুকুতাৰ খেতিয়ে বিপ্লৱ সৃষ্টি কৰাৰ সময়তে ভাৰতবৰ্ষতো চালুকীয়াভাৱে আৰম্ভ কৰিছে মুকুতাৰ খেতি ৷ ইতিমধ্যে ভাৰতৰ উৰিষ্যা,ৰাজস্থান আৰু পশ্চিমবংগত চৰকাৰৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছে এই মুকুতাৰ খেতি ৷

অসমত ওলাইছে সাগৰৰ মূল্যৱান মুকুতা

By

Published : Nov 9, 2019, 3:35 PM IST

নগাঁও, 9 নৱেম্বৰঃমুকুতা মণি বিচাৰি আপুনি আৰু সাগৰলৈ যাব নালাগে,ইচ্ছা কৰিলে আপোনাৰ ঘৰৰ পুখুৰীতে পাব সাগৰৰ মুকুতা
এতিয়াৰ পৰা অসমতে পাব মূল্যৱান বগা মুকুতা ৷ অসমত ওলাইছে মুকুতা ৷ এইয়া সম্ভৱ হৈ উঠিছে নগাঁৱৰ এজন যুৱকৰ প্ৰচেষ্টাত ৷ অসমৰ নগাঁও জিলাৰ ধিঙৰ বেছামাৰীত উৎপাদন হৈছে সমুদ্ৰৰ অমূল্য মুকুতা ৷ বৈজ্ঞানিক পদ্ধতিৰে কৰা হৈছে মুকুতাৰ খেতি ৷ বেছামাৰীৰ স্থানীয় যুৱক তথা বিজ্ঞানৰ স্নাতক ৰুলেন হাজৰিকাই একক প্ৰচেষ্টাৰে আৰম্ভ কৰিছে মুকুতাৰ খেতি ৷ অসমত প্ৰথমবাৰৰ বাবে কানখোলা শামুকৰ বুকুত চলিছে মুকুতাৰ খেতি ৷ বহিঃৰাজ্যৰ পৰা এই সন্দৰ্ভত প্ৰশিক্ষণ লৈ আহি নিজ ঘৰতে এবিধ শামুকত আৰম্ভ কৰিছে মুকুতাৰ খেতি ৷

সাগৰৰ মুকুতা এতিয়া আপোনাৰ পুখুৰীতো উৎপাদন কৰিব পাৰে
উল্লেখ্য যে, বৰ্তমান বিশ্বৰ আগশাৰীৰ দেশসমূহত মুকুতাৰ খেতিয়ে বিপ্লৱ সৃষ্টি কৰাৰ সময়তে ভাৰতবৰ্ষতো চালুকীয়াভাৱে আৰম্ভ কৰিছে মুকুতাৰ খেতি ৷ ইতিমধ্যে ভাৰতৰ উৰিষ্যা,ৰাজস্থান আৰু পশ্চিমবংগত চৰকাৰৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছে এই মুকুতাৰ খেতি ৷ শামুকেৰে মুকুতা উৎপাদনত বিশ্বত আগস্থান দখল কৰিছে চীন,ভিয়েটনাম,জাপান আৰু বাংলাদেশে । নগাঁৱৰ ৰুলেন হাজৰিকাই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগতে উৰিষ্যা আৰু পশ্চিমবংগত প্ৰশিক্ষণ লৈ বিজ্ঞান সন্মত ভাৱে মুকুতা খেতি আৰম্ভ কৰি অসমৰ প্ৰথমজন মুকুতা খেতিৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছে ৷
মুকুতাৰ খেতি কৰা নগাঁৱৰ ৰুলেন হাজৰিকা
সমুদ্ৰত প্ৰাকৃতিকভাৱে পোৱা মুকুতাৰ বিপৰীতে ব্য়ক্তিগতভাৱে কম খৰচতে কৰিব পাৰি মুকুতাৰ খেতি ৷ সচৰাচৰ বিল,জলাশয়,পুখুৰী আদিত সহজতে পোৱা কানখোলা শামুক বুটলি আনি এক বিশেষ পদ্ধতিৰে অপাৰেচন কৰি ভিতৰত বিশেষ ধাতু সংস্থাপিত কৰা হয়, আৰু সেই শামুকখিনি পুখুৰীত বিশেষ ধৰণে স্থাপন কৰি পোহ-পাল কৰাৰ অন্তত আঠ দহ মাহৰ পিচত মুকুতা উৎপাদন হয় শামুকৰ বুকুত ৷ বৰ্তমান সময়ত ব্যাপক চাহিদা থকা মুকুতাৰ খেতিৰে স্বাৱলম্বী হ'ব পাৰি ৷ অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা মুকুতাৰ খেতিয়ে আনিছে আশাৰ বতৰা ৷
নগাঁৱৰ বেছামাৰীত মুকুতা খেতিৰ এটা দৃশ্য

সচৰাচৰ আমি আঙঠি,চেইন আদিত ব্যৱহাৰ কৰা মুকতাৰ চাহিদা অধিক । বহিঃৰাষ্ট্রৰ দৰে অসমতো মুকুতা উৎপাদন কৰিব পৰা যায় তাৰবাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু মূলধনৰ প্ৰয়োজন। এই ক্ষেত্ৰত নগাঁৱৰ ৰুলেন হাজৰিকাই নিজাববীয়াকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ চিন্তা চর্চা কৰিছে । উৰিষ্যা,ৰাজস্থান আৰু পশ্চিমবংগ চৰকাৰৰ দৰে অসম চৰকাৰে মুকুতা খেতি কৰিবলৈ অসমৰ যুৱক যুৱতীক উৎসাহিত কৰাৰ বাবে আহ্বান জনাইছে ৰুলেন হাজৰিকাই । যুৱকজনে ৰাজ্যত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।

অসমত ওলাইছে সাগৰৰ মূল্যৱান মুকুতা

লগতে জানিবলৈ চাওকঃ অযোধ্যা ভূমি-বিবাদ: কটকটীয়া নিৰাপত্তা ব্যৱস্থা অসমত

ABOUT THE AUTHOR

...view details