ধিং, 23 জানুৱাৰী :এছিয়া মহাদেশৰ ভিতৰত স্থাপন হ'ব লগা বৃহত্তম ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্প নামৰ উদ্যোগটোৰ 1987 চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । দেশৰ অন্যতম প্ৰধান বিত্তীয় প্ৰতিষ্ঠান ঔদ্যোগিক বিকাশ বেংকৰ 140 কোটি টকা ঋণ প্ৰদানৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পটো নিৰ্মাণৰ প্ৰাথমিক পৰ্যায়তে মৃত্যুৰ ক্ষণ গনিব লগা হৈছে ।
ধিং চহৰৰ উত্তৰ দিশত 73 হেক্টৰ মাটি-কালিৰ এক বিস্তৃত উদ্যোগ ক্ষেত্ৰত কাগজ প্ৰকল্পটোৰ মুল কাৰখানা ঘৰ নিৰ্মাণকে ধৰি কিছুসংখ্যক যন্ত্ৰপাতি কিনাৰ পিচতেই নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰে । অসম চৰকাৰৰ ইকুইটি অংশৰ 12 কোটি টকা বিনিয়োগেৰে আৰম্ভ কৰা এই উদ্যোগটোৰ কাৰখানা গৃহ, গুদাম ঘৰ, মুখ্যভাণ্ডাৰ গৃহ, অভাৰহেড টেংক 20 মেট্ৰিকটন ওজন কৰিব পৰা ব্ৰে' বীজ আৰু কৰ্মচাৰী সকলৰ 61 টা আৱাসগৃহৰ লগতে কিছু সংখ্যক যন্ত্ৰপাতিও এতিয়াও এতিয়া সম্পূৰ্ণৰূপে পৰিত্যক্ত অৱস্থাত পৰি আছে ।
উদ্যোগটো নিৰ্মাণৰ বাবে কিনি অনা প্ৰায় ডেৰ হেজাৰ মেট্ৰিক টন লোহাৰ সামগ্ৰী 1997 চনতে বিক্ৰী কৰা হ'ল । উদ্যোগিক বিকাশ বেংকে 140 কোটি আৰু অসম চৰকাৰে 20 কোটি টকা ব্যয়ৰে প্ৰকল্পটো আৰম্ভনি কৰিবলৈ কথা আছিল যদিও বেংকে ঋণ প্ৰদানত বিলম্বিত কৰণৰ নীতি গ্ৰহণ কৰাত কাগজ প্ৰকল্পটো বৰ্তমান মৃত্যুৰ ক্ষন গণি আছে । যাৰ বাবে 1989-90 চনৰ বছৰটোৰ পৰা উদ্যোগটোৰ কাম কাজ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰে ।