অসম

assam

ETV Bharat / state

বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতনঃ আৰক্ষীকো মেনেজ কৰাৰ অভিযোগ - যৌন উৎপীড়ন চলোৱৰ অভিযোগ

ধৰ্ষিতা ঘাত মাউৰা কিশোৰীক ন্যায় দিয়াত ব্যৰ্থ হল আৰক্ষী। ধন নিদিয়াৰ বাবেই তদন্ত নকৰাৰ অভিযোগ হৃদয়হীন আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ।

dhing-orphen-girl-sexual-harassment
বন কৰা কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

By

Published : Jul 16, 2020, 2:05 PM IST

বটদ্ৰৱা,16জুলাইঃনগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এক অমানবীয় কাণ্ড ৷ এগৰাকী ঘাত মাউৰা কিশোৰী,ঘৰ ধিঙৰ বেছামাৰীত। পিতৃ-মাতৃহীন কিশোৰী গৰাকীয়ে আনৰ ঘৰত কাম-বন কৰি জীৱন অতিবাহিত কৰি আহিছিল। স্থানীয় কিছু লোকে সাজি দিছিল এটি টিঙৰ চালি ঘৰ। গাঁওখনৰ হাৰুণ ৰছিদৰ ঘৰত বন কৰা ছোৱালী হিচাপে দিনটো কাম কৰি নিশাটো নিজ গৃহতেই পাৰ কৰি জীৱন অতিবাহিত কৰি আহিছিল কিশোৰী গৰাকীয়ে। কথা ক'ব নোৱাৰা এই গৰাকী অৱলা কিশোৰীৰ ওপৰত হাৰুণ ৰছিদৰ পুত্ৰ চাকলিন আহমেদে প্ৰায়ে যৌন উৎপীড়ন চলোৱৰ অভিযোগ। ইপিনে ওচৰ চুবুৰীয়াই এই কথা জানিব পাৰি কিশোৰী গৰাকীক শোধপোচ কৰাত চাকলিন আহমেদৰ কথা আঙুলিটোৱাই কয় কিশোৰী গৰাকীয়ে ৷

বন কৰা কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

তাৰ পিছতেই গাওঁখনত বহিল ৰাইজমেল। ৰাইজমেলৰ সিদ্ধান্ত মৰ্মে কিশোৰী গৰাকীক প্ৰথমে আল্ট্ৰাচাউণ্ড কৰায়। আল্ট্ৰাচাউণ্ড ৰিপৰ্টত কিশোৰী গৰাকী গৰ্ভৱতী হোৱাৰ তথ্য পোহৰলৈ আহে। তাৰ পিছত অন্তঃসত্তা কিশোৰী গৰাকীক হাৰুণ ৰছিদৰ ঘৰত চমজাই দিয়ে ৰাইজে । কিন্তু আৰ্চয্যজনক ভাবে হাৰুণ ৰছিদৰ পৰিয়ালৰ লোকে কিশোৰী গৰাকীক গোপনে গৰ্ভপাত কৰোৱাৰ পিছত ছোৱালী জনীৰ স্বাস্থ্যৰ অবস্থা সংকটজনক হৈ পৰে ৷

বন কৰা কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

ইপিনে স্বাস্থ্যৰ অৱনতি ঘটাত ওচৰৰে পথাৰত পেলাই থৈ আহে কিশোৰী গৰাকীক। পুৱা স্থানীয় লোকে মুমুৰ্ষ অৱস্থাত পথাৰৰ পৰা উদ্ধাৰ কৰে কিশোৰী গৰাকীক। স্থানীয় কেইজনমান লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত ধিং থানাৰ এলেকাধীন আহোম গাঁও উপ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া দণ্ডধৰ কোঁৱৰক অৱগত কৰোৱাৰ লগতে কিশোৰী গৰাকীৰ আত্মীয়ই ১৫ জুন তাৰিখে এখন এজাহাৰ দাখিল কৰে দোষী চাকলিন আহমেদ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে । কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে তদন্তৰ বাবে দুহেজাৰ টকা দাবী কৰে কিশোৰীগৰাকীৰ আত্মীয়ৰ পৰা । দীন-দৰিদ্ৰ এজাহাৰকাৰী জনে দাবী কৰা ধন নিদিয়াৰ বাবেই কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিয়েই দায়িত্ব সমৰিলে আৰক্ষীয়ে ।

চাকলিনৰ খুৰাক এমৰান হুছেইন ওৰফে বাবুলে আৰক্ষীক মেনেজ কৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীয়ে এজাহাৰৰ আৰু আল্ট্ৰাচাউণ্ড ৰিপৰ্টৰ লগতে মেডিকেল ৰিপৰ্ট পোৱাৰ পিছতো কিয় অভিযুক্ত যুৱক আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে ? গাওঁবাসীয়ে অভিযোগ কৰা মতে যুৱকৰ পৰিয়ালৰ পৰা মোটা অংকৰ ধন লৈ দোষীক ৰক্ষণাবেক্ষণ দি আছে আৰক্ষীয়ে।

লগতে পঢ়কঃ বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details