অসম

assam

ETV Bharat / state

মহিলাক হত্যা কৰি মেটেকাৰ তলত লুকুৱাই থ'লে মৃতদেহ - নগাঁও ধিঙৰ শালকাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড

নগাঁও ধিঙৰ শালকাটিত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ হত্যাকাণ্ডটো সংঘটিত কৰি মৃতদেহটো বিলৰ মেটেকাৰ তলত সুমুৱাই থয় অভিযুক্ত হত্যকাৰীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে জমিলা খাতুন আৰু পুত্ৰ ছমেদ আলীক আটক কৰিছে ৷

ধিঙত হত্যা কৰি মেটেকাৰ তলত সমুৱাই থলে মৃতদেহ

By

Published : Nov 20, 2019, 1:26 PM IST

Updated : Nov 20, 2019, 2:13 PM IST

বটদ্ৰৱা, 20 নৱেম্বৰঃ নগাঁও ধিঙৰ শালকাটিত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ দীৰ্ঘদিন ধৰি চলি থকা পৰিয়াল কেন্দ্ৰিক সংঘাতৰ পৰিণতিস্বৰূপে ৰবিজা খাতুন নামৰ এগৰাকী মহিলাক হাত-ভৰি বান্ধি গোটা বাহেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ সতিনী আৰু সতিনীৰ পুত্ৰৰ বিৰুদ্ধে ৷ হত্যাকাণ্ডটো সংঘটিত কৰিয়েই মৃতদেহটো বিলৰ মেটেকাৰ তলত সমুৱাই থয় অভিযুক্ত হত্যকাৰীয়ে ৷

হত্যা কৰা গোটা বাঁহডাল

লগতে পঢ়কঃ গোলাঘাটত ড্ৰাগছ আসক্ত যুৱক আটক

ধিং আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহাৰ কৰা গোটা বাঁহৰ টুকুৰাটো জব্দ কৰাৰ লগতে বুধবাৰে মেটেকাৰ তলৰ পৰা উদ্ধাৰ কৰে ৰবিজা খাতুনৰ মৃতদেহ ৷ ইপিনে, হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জমিলা খাতুন আৰু পুত্ৰ ছমেদ আলীক আটক কৰিছে যদিও আন এজন পুত্ৰ কুদ্দুচ আলী এতিয়াও পলাতক অৱস্থাত আছে ৷

ধিঙত হত্যা কৰি মেটেকাৰ তলত সমুৱাই থলে মৃতদেহ
Last Updated : Nov 20, 2019, 2:13 PM IST

ABOUT THE AUTHOR

...view details