অসম

assam

By

Published : Apr 7, 2020, 2:04 PM IST

Updated : Apr 7, 2020, 5:27 PM IST

ETV Bharat / state

ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ !

বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল ধিঙৰ বিধায়ক আমিনুল ইছলাম ৷ আৰক্ষীৰ জেৰাত নিজে অডিঅ' ক্লিপ্ প্ৰস্তুত কৰি আনলৈ প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছে বিধায়কজনে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত ৰুজু কৰা হৈছে গোচৰ ৷

dhing mla aminul islam arrested by nagaon police
dhing mla aminul islam arrested by nagaon police

নগাঁও, 7 এপ্ৰিল : ধিঙৰ বিতৰ্কিত এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ ৷ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়কজনক ৷ সোমবাৰে নিশা জেৰা চলোৱা হৈছিল বিধায়কগৰাকীক ৷ জেৰাৰ অন্তত মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হয় আমিনুল ইছলামক ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে ভাইৰেল হৈছিল আমিনুল ইছলামৰ এটা অডিঅ' ক্লিপ ৷ য'ত কোৱাৰেনন্টাইন গৃহ সন্দৰ্ভত কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল বিধায়কজনে ৷ চ'ছিয়েল মিডিয়াত ভাইৰেল হৈছিল অডিঅ' ক্লিপটো ৷ তাৰ পাচতেই আৰক্ষীয়ে সোমবাৰে সোধপোচৰ বাবে মাতি পঠিয়াই বিধায়ক গৰাকীক ৷ আৰক্ষীৰ জেৰাত অডিঅ' ক্লিপটো নিজেই প্ৰস্তুত কৰি বিভিন্ন জনক প্ৰেৰণ কৰা বুলি স্বীকাৰ কৰে আমিনুল ইছলামে ৷ সোধ পোচৰ অন্তত নিশা 1 বজাত আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে আমিনুল ইছলামৰ ম'বাইল ফোন ৷ বিধায়ক জনৰ বিৰুদ্ধে নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120 বি/153 এ/124 এ আৰু 295 এ ধাৰাত 877/20 নম্বৰত ৰুজু হৈছে গোচৰ ৷ এখন সংবাদমেল যোগে গ্ৰেপ্তাৰৰ কথা ঘোষণা কৰিলে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সদৰী কৰে এই কথা ৷ আমিনুল ইছলামক আদালতত উপস্থাপন কৰি নিজৰ জিম্মাত বিচাৰিছিল নগাঁও আৰক্ষীয়ে ৷ কিন্তু আদালতে আৰক্ষীৰ আবেদন নাকচ কৰি 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিধায়কগৰাকীক ৷ আনহহাতে আদালতে নাকচ কৰিছে বিধায়ক ইছলামৰ জামিন আবেদনো ৷

আমিনুল ইছলামক গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদমেল

তাৰোপৰি যিসকল লোকলৈ এই অডিঅ' ক্লিপ প্ৰেৰণ হৈছিল সেই সকলকো তদন্তৰ আওতালৈ অনা হ'ব বুলি জনাইছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে ৷ অডিঅ' ক্লিপটোত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব পৰা বহু সাম্প্ৰদায়িক মন্তব্য থকাৰ কথা আৰক্ষী সূত্ৰত প্ৰকাশ ৷ তাৰোপৰি ভাৰত চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন আৰু ভুৱা বাতৰি বিয়পোৱাৰ গোচৰ ৰুজু কৰা হৈছে আমিনুল ইছলামৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : এদিনতে ভাৰতে হেৰুৱালে পাঁচগৰাকীকৈ সুদক্ষ পেৰা কামাণ্ডো

Last Updated : Apr 7, 2020, 5:27 PM IST

ABOUT THE AUTHOR

...view details