অসম

assam

ETV Bharat / state

ধিঙত তিনি সন্তানৰ পিতৃয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক

নগাঁৱৰ ধিঙত সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে দুই সন্তানৰ মাতৃ আৰু তিনি সন্তানৰ পিতৃৰ প্ৰেম কাহিনীয়ে ৷ পলাতক প্ৰেমিক-প্ৰেমিকাক বিচাৰি হাহাকাৰ পত্নী আৰু স্বামীৰ ।

By

Published : Mar 14, 2020, 9:20 PM IST

Dhing love story nagaon assam etv bharat news
তিনি সন্তানৰ পিতৃয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক

বটদ্ৰৱা,14 মাৰ্চঃনগাঁও জিলাৰ ধিঙত তিনি সন্তানৰ পিতৃয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক । দুয়োৰে মাজত চলি থকা অবৈধ প্ৰেমৰ সম্পৰ্কৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

জানিব পৰা মতে, ধিঙৰ আহোম গাওঁ উপ-আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ আশ্ৰাদুল হক নামৰ লোকজন বহিঃৰাজ্যত কৰ্মৰত হৈ থকাৰ সুযোগ লৈ তেওঁৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰচিছিল ডবকাৰ তৰমুজ আলী নামৰ লোকজনে ৷ পূৰ্বতেই তৰমুজ আলী তিনি সন্তানৰ পিতৃ ৷ শুকুৰবাৰে আশ্ৰাদুল হকৰ পত্নীয়ে দুই সন্তান আৰু স্বামীক এৰি চিকিৎসালয়লৈ যোৱাৰ চলেৰে পলাই যায় প্ৰেমিক তৰমুজৰ লগত ৷ পত্নীৰ কাণ্ডত মৰ্মাহত হৈ কেৱল চকুলো টুকিছে আশ্ৰাদুলে ৷

তিনি সন্তানৰ পিতৃয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক

আনহাতে, তৰমুজ আলীৰ বিৰুদ্ধে আৰক্ষী চকীত এটা গোচৰো দাখিল কৰিছে আশ্ৰাদুলে ৷ ডবকাৰ তৰমুজ আলীৰ পত্নীয়েও বিছাৰি ফুৰিছে নিজৰ স্বামীক ।

লগতে চাওকঃবিনাশ কালে বিপৰীত বুদ্ধিঃমহিলা কনিষ্টবলৰ ৰোষত ই ৰিক্সা চালক

ABOUT THE AUTHOR

...view details