অসম

assam

ETV Bharat / state

ধিঙত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস - NAGAON DHING

ধিঙৰ মোছলেম চৰত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ ৷ ইতিমধ্যে আক্রান্তৰ লক্ষণ দেখা গৈছে কেইবাজনো লোকৰ শৰীৰত ৷

ধিঙত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস

By

Published : Jul 4, 2019, 3:06 PM IST

নগাঁও,4 জুনঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দূভাৱ ৷ এখনৰ পিচত আন এখন জিলাত সংঘটিত হৈছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ ঘটনা ৷ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে নগাঁৱৰ ধিঙৰ চৰ চাপৰি অঞ্চল সমূহতো সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ মোছলেম চৰৰ জিয়াউৰ ৰহমান নামৰ লোকজনৰ ২ বছৰীয়া পুত্ৰ মোছাব্বিৰ আলম আক্রান্ত হৈছে জাপানীজ এনকেফেলাইটিছত । ২ বছৰীয়া শিশুটি কেইবাদিন ধৰি আক্ৰান্ত হৈ আছে জাপানীজ এনকেফেলাইটিছত। আক্রান্ত হৈ থকা শিশুটি চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও উন্নত চিকিৎসাৰ বাবে বৰ্তমান নগাওঁৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে ধিঙৰ চৰ চাপৰি বিভিন্ন অঞ্চলত ইতিমধ্যে বহু লোক জ্বৰত আক্রান্ত হৈছে । বিপৰীতে স্বাস্থ্য বিভাগে বৰ্তমানৈ এই অঞ্চল সমূহত কোনো ব্যৱস্থা গ্রহণ কৰা দেখা পোৱা নাই । স্বাস্থ্য বিভাগে যদি সঠিক সময়ত ব্যৱস্থা গ্রহণ নকৰে তেন্তে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে এই অঞ্চলসমূহত ৷

ধিঙত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস

ABOUT THE AUTHOR

...view details