অসম

assam

ধিঙৰ মৈৰাবাৰীত অবৈধ কাঠফলা মিল জব্দ

নগাঁৱৰ ধিঙৰ মৈৰাবাৰীত কেবাটাও অবৈধ কাঠফলা মিল জব্দ কৰাৰ বিপৰীতে বনবিভাগৰ ছত্ৰছায়াত মৈৰাবাৰীত অবৈধ কাঠ মিলৰ স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ স্থাপন কৰিছে একাংশ লোকে ৷

By

Published : Nov 9, 2020, 9:21 AM IST

Published : Nov 9, 2020, 9:21 AM IST

ধিঙৰ মৈৰাবাৰীত অবৈধ কাঠফলা মিল জব্দ
ধিঙৰ মৈৰাবাৰীত অবৈধ কাঠফলা মিল জব্দ

ধিং,9 নৱেম্বৰঃমৰিগাঁও জিলা বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই অলিয়ে গলিয়ে গঢ় উঠিছে অবৈধ কাঠ মিল । এই মিল সমূহৰ নাই কোনো অনুমতি। অবৈধ কাঠ মিলৰ বিৰুদ্ধে মৰিগাঁও জিলা বন বিভাগে কোনো গুৰুতিব নিদিয়াৰো অভিযোগ উত্থাপন হৈ আহিছে সময়ে সময়ে ৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ সমিতিৰ অভিযোগ বন বিভাগৰ একাংশ বিষয়াক কৃপাতে এই অবৈধ কাঠ ফলা মিল সমূহ গঢ়ি উঠিছে ৷

তথ্য অনুসৰি মৈৰাবাৰীচ বৰ্তমানেও দহটাৰো অধিক কাঠ ফলা মিল অবৈধ ভাৱে চলি আছে ৷ অবৈধভাৱে চলাই থকা এই কাঠফলা মিলকেইটাৰ ক্ষেত্ৰত বন বিভাগে যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ কিছুদিন পূৰ্বে বন বিভাগৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিছিল যদিও এতিয়াও 8ৰ পৰা 10 টা অবৈধ কাঠফলা মিল চলি আছে যদিও বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ সমিতিয়ে আন্দোলন কৰা ভাবুকি প্ৰদান কৰিছে ৷

লগতে চাওকঃ কমলা হেৰিছৰ জয়ত আনন্দ প্ৰকাশ মাহীয়েক ডা০ সৰলা গোপালনৰ

ABOUT THE AUTHOR

...view details