বটদ্ৰৱা, 13 আগষ্টঃ স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ ধিং টাউন মণ্ডলৰ উদ্যোগত আৰু ধিং ক্ৰীড়া সন্থাৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকা আৰু অভিনেতা ৰবি শৰ্মাৰ একতা দৌৰত অংশগ্ৰহণ । পুৱা ৭ বজাত দৌৰ ৰাণী হিমা দাসে অনুশীলন কৰা খেলপথাৰৰ পৰা আৰম্ভ কৰা একতাৰ দৌৰ অন্ত পৰিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত । হিমাৰ পিতৃ ৰঞ্জিত দাসেও অংশগ্ৰহণ কৰে এই একতাৰ দৌৰত ।
ধিঙত একতাৰ দৌৰ - ৰবি শৰ্মা
ধিঙত একতাৰ দৌৰত অংশগ্ৰহণ বিধায়িকা আঙুৰলতা ডেকা আৰু অভিনেতা ৰবি শৰ্মাৰ ।

ধিঙত একতাৰ দৌৰ
ধিঙত একতাৰ দৌৰ
এই একতাৰ দৌৰত শতাধিক বিজেপি কৰ্মীয়েও অংশগ্ৰহণ কৰে । এই কাৰ্য্যসূচী আৰম্ভ হোৱাৰ আগমুহূর্তত বিধায়িকা গৰাকীয়ে হিমাই অনুশীলন কৰা খেলপথাৰৰ উন্নয়নৰ বাবে আধাৰশিলাও স্থাপন কৰে৷