ধিং, 2 মাৰ্চঃ ১৫ বছৰ পূৰ্বে নিৰ্মাণ হোৱা এখন দলঙৰ দুয়োপাৰৰ পথছোৱাৰ অৱস্থা অতিকৈ শোচনীয় ৷ ধিং-মৰিগাঁও সংযোগী গড়কাপ্তানী পথটো পকীকৰণ নোহোৱাৰ বাবেই বিগত ১৫ বছৰে জমৰ যাতনা ভুগি আহিছে যাত্ৰীৰ লগতে স্থানীয় ৰাইজে । কিন্তু ইয়াক লৈ কোনো কাণসাৰ নাই স্থানীয় বিধায়ক আমিনুল ইছলাম আৰু সাংসদ গৌৰৱ গগৈৰ ।
উল্লেখ্য যে ধিং-মৰিগাঁও সংযোগী এই গড়কাপ্তানী পথটো চাৰিজনকৈ জনপ্ৰতিনিধি ক্ৰমে বিধায়ক আমিনুল ইছলাম , আঙুৰলতা ডেকা, ড0 নজৰুল ইছলাম আৰু ৰমাকান্ত দেউৰীৰ সমষ্টিৰ অন্তৰ্গত । ইয়াৰোপৰি কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ আৰু নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সমষ্টিৰ এলেকাধীন । ছয়জনকৈ জনপ্ৰতিনিধি থকাৰ স্বত্বেও যাতায়াতৰ ক্ষেত্ৰত প্ৰতিদিনে দুৰ্ভোগ ভুগি আহিছে ৰাইজে ৷