অসম

assam

By

Published : Oct 26, 2019, 10:09 AM IST

ETV Bharat / state

"ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ"- 8 হাজাৰ টকাৰে আৰম্ভ কৰা উদ্যোগটোৰ বাৰ্ষিক উপাৰ্জন 50 লাখ টকা

উদ্যোগটোৰ জৰিয়তে অসমীয়া পাট, মুগাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলে ব্যৱহাৰ কৰা বিভিন্ন পৰম্পৰাগত পোছাকৰে প্ৰস্তুত কৰি আহিছে বেগ, ফাইল কভাৰ, টুপি, কেটেপা, ফুলি, খাৰুকে আদি কৰি ভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় সামগ্ৰী ৷

ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ

বটদ্ৰৱা, 26 অক্টোবৰঃ 8 হাজাৰ টকাৰ পৰা আৰম্ভ কৰা এটা ক্ষুদ্ৰ উদ্যোগে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ আজিৰ পৰা 10 বছৰৰ পৰ্ৱে নগাঁও জিলাৰ ধিঙৰ এজন উদ্যমী যুৱক অমৰজিৎ গোস্বামীয়ে আৰম্ভ কৰিছিল এটা ক্ষুদ্ৰ উদ্যোগ ৷ নাম দিছিল "ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ"(Creative Handicraft Industry) ৷ এই উদ্যোগটোৰ জৰিয়তে অসমীয়া পাট, মুগাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলে ব্যৱহাৰ কৰা বিভিন্ন পৰম্পৰাগত পোছাকৰে প্ৰস্তুত কৰি আহিছে বেগ, ফাইল কভাৰ, টুপি, কেটেপা, ফুলি, খাৰুকে আদি কৰি ভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় সামগ্ৰী ৷

ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ


প্ৰথম অৱস্থাত কেইজনমান যুৱকক প্ৰশিক্ষণ দি আৰম্ভ কৰা এই উদ্যোগটোত বৰ্তমান জৰিত হৈ আছে পঞ্চাশৰো অধিক যুৱক-যৱকী তথা পুৰুষ-মহিলা ৷ উদ্যমী যুৱক অমৰজিতৰ প্ৰচেষ্টাত সংস্থাপন লাভ কৰা এইসকল লোকে মাহিলি উচিত পাৰিশ্ৰমিক লাভ কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে ৷ লগতে এই ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে যুৱকজনে বছৰি 40ৰ পৰা 50 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

পৰম্পৰাগত পোছাকৰে প্ৰস্তুত কৰা বেগ, ফাইল কভাৰ, টুপি,

ABOUT THE AUTHOR

...view details