অসম

assam

ETV Bharat / state

ধিঙত কিশোৰক ভয়াৱহ আক্ৰমণ ড্ৰাগছ মাফিয়াৰ

যিটো সময়ত নগাঁৱৰ ধিঙ অঞ্চলৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি হৈছে,তেনে সময়তে অঞ্চলটোৰ কিশোৰৰ মাজত মেলি দিয়া হৈছে ড্ৰাগছৰ ভয়াৱহ জাল ৷ ড্ৰাগছ মাফিয়াই ভঙা-চিঙা কিনা ব্যৱসায়ীৰ ৰূপত ব্যৱসায়ত জড়িত কৰাইছে কিশোৰক ৷ শেহতীয়াকৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ অমান্তি হোৱা কিশোৰৰ ওপৰত ড্ৰাগছ মাফিয়াই চলালে ভয়াৱহ অমানুষিক আক্ৰমণ ৷ ETV Bharat অসমৰ এক প্ৰতিবেদন ৷

By

Published : Oct 17, 2019, 6:46 PM IST

ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হোৱা কিশোৰ

ধিং,17 অক্টোবৰঃ হিমা দাসৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম দিয়া ধিং অঞ্চলত চলিছে ড্ৰাগছ মাফিয়াৰ ভয়াৱহ অভিসন্ধি ৷ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰই সমগ্ৰ অঞ্চলটোত মেলি দিছে নিষিদ্ধ ড্ৰাগছৰ ভয়াৱহ বেহা ৷ কিশোৰ-কিশোৰীক প্ৰথমে ড্ৰাগছ ল'বলৈ শিকাই পৰৱৰ্তী পৰ্যায়ত ব্লেকমেইলিং কৰি ড্ৰাগছ বিক্ৰী কৰিবলৈ বাধ্য কৰি আহিছে ড্ৰাগছ মাফিয়াই ৷ নজৰ ফকিৰ আৰু মিনাৰা খাতুন নামৰ দুই ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷ খোদ ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হোৱা দুগৰাকী কিশোৰে সমগ্ৰ ঘটনা প্ৰকাশ কৰিছে ETV Bharatৰ সাংবাদিকৰ আগত ৷

ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হোৱা কিশোৰৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

লগতে পঢ়কঃ বৰপেটাত আটক ম'ষ্ট ৱান্টেড জেহাদী

আনহাতে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে ধিং আৰক্ষী চকীয়ে ৷ আৰক্ষীক কেৰেপ নকৰাড্ৰাগছ মাফিয়া নজৰ ফকিৰৰ টকাৰে ধিং থানা চলি আহিছে বুলি ভুক্তভোগী কিশোৰৰ অভিভাৱক ভয়-ভাবুকি প্ৰদান কৰি আহিছে ড্ৰাগছ মাফিয়াজনে ৷ প্ৰথম অৱস্থাত দুখীয়া পৰিয়ালৰ কিশোৰ কিশোৰীক কাম দিয়াৰ চলেৰে মাতি নি নিষিদ্ধ ব্ৰাউন চুগাৰ সেৱন কৰিবলৈ শিকায় নজৰ ফকিৰে ৷ পৰৱৰ্তী সময়ত ড্ৰাগছ মাফিয়াই এইসকল কিশোৰক ব্লেকমেইলিং কৰি ড্ৰাগছ বিক্ৰী কৰিবলৈ বাধ্য কৰায় ৷ দুখীয়া পৰিয়ালৰ এইসকল কিশোৰ-কিশোৰীয়ে ড্ৰাগছ বিক্ৰী কৰিবলৈ অমান্তি হ'লেই বন্ধ কোঠাত আৱদ্ধ কৰি পাশৱিক অত্যাচাৰ চলাই আহিছে ড্ৰাগছ মাফিয়া নজৰ ফকিৰ আৰু তেওঁৰ পুত্ৰই ৷

লগতে পঢ়কঃ হোজাই বাল্য-বিবাহৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী

বৰ্তমানে অসুস্থ কিশোৰ কেইটিক তেওঁলোকৰ পৰিয়ালে মোকলাই আনি ঘৰতে ৰাখিছে ৷ ধনৰ অভাৱত চিকিৎসাৰ পৰাও বঞ্চিত হৈছে অসুস্থ কিশোৰকেইটি ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰৰ পৰিয়ালে ধিং আৰক্ষী চকীত গোচৰ তৰিছে যদিও ৰহস্যজনকভাৱে বৰ্তমানলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ধিং আৰক্ষীৰ এনে নীৰৱতাৰ অন্তৰালত কি ৰহস্য আছে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই যদিও ঘটনাক লৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

...view details