অসম

assam

ETV Bharat / state

অসমৰ এখন অপৰাধমুক্ত গাঁও... - অপৰাধমুক্ত

ক’ৰ্ট-কাছাৰী, আৰক্ষী দেখি নোপোৱা এখন ব্যতিক্ৰমী গাঁও ৷ যিখন গাঁৱত আজিলৈকে সংঘটিত হোৱা নাই কোনো এটাও অপৰাধজনিত অথবা হিংসাত্মক ঘটনা ৷ এয়া কোনো বহিৰাজ্যত নহয়, অসমতে আছে এই বিশেষ গাঁৱখন ৷

অসমৰ অপৰাধমুক্ত এখন গাঁও
অসমৰ অপৰাধমুক্ত এখন গাঁও

By

Published : May 13, 2021, 10:35 PM IST

ধিং,13 মে':সাম্প্ৰতিক সময়ত আমি সচৰাচৰ দৈনন্দিনে দেখিবলৈ পাওঁ হিংসা, হত্যা, লুণ্ঠন, ধৰ্ষণৰ নিচিনা বহু অপৰাধজনিত ঘটনা ৷ কিন্তু নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ চহৰীয়া গাঁৱখন হৈছে সম্পূৰ্ণ ব্যতিক্ৰম ৷ ভাৰত স্বাধীন হোৱাৰ পিচত অৰ্থাৎ 1998 চনত স্থাপন হৈছিল এই গাঁৱখন ৷ অতীজৰে পৰা বাস কৰি অহা বড়ো সম্প্ৰদায়ৰ লোকসকলৰ মাজত আজিপৰ্যন্ত সংঘটিত হোৱা নাই কোনো হিংসাত্মক অথবা অপৰাধজনিত ঘটনা ৷ আপুনি শুনিলেই আচৰিত হ'ব যে গাঁৱখনৰ কোনো এজন লোকে আজিলৈকে ভৰি দিব লগা হোৱা নাই থানাত ৷

অসমৰ অপৰাধমুক্ত এখন গাঁও

অপৰাধৰ বিপৰীতে এই গাঁৱখনত আছে সম্প্ৰতি তথা একতাৰ এনাজৰী ৷ যিডাল এনাজৰীত খাপ খাই গাঁৱখনত বছৰ বছৰ ধৰি বাস কৰি আছে শতাধিক লোকে ৷ মূলত কৃষিৰ ওপৰত নিৰ্ভৰশীল বড়ো জনগোষ্ঠীয় লোকসকলে বাস কৰা গাঁৱখনে সমাজত দাঙি ধৰিছে এক উৎকৰ্ষমূলক বাৰ্তা ৷ অসমৰ এখন অপৰাধমুক্ত গাঁও হিচাপে বৰ্তমান চিহ্নিত হৈছে এই গাঁৱখন ৷ গাঁৱখনত থানা থকা স্বত্বেও কোনো এজন লোকে আজিলৈকে থানাখনত চৌহদত ভৰি দি নোপোৱা কথাটোৱে এতিয়া যেন ৰচনা কৰিছে এক ইতিহাস ৷ গাঁৱখনৰ পুৰুষ-মহিলাসকলেও একেলগে প্ৰতিবছৰে পালন কৰি আহিছে বাগৰুম্বা, বিহু-উৰুকা, বাথৌ পূজা আদি সকলো উৎসৱ ৷ কৃষিকাৰ্যতো ইজনে আনজনক কৰি আহিছে সহায় ৷

যি সময়ত এতিয়া এটা পৰিয়াল বা এখন সমাজত বাস কৰা লোকৰ মাজত জটিলতা বৃদ্ধি পাবলৈ লৈছে, প্ৰতিদিনে একো-একোগৰাকী নাৰী নিৰ্যাতনৰ সন্মুখীন হ’বলৈ ধৰিছে, সেই সময়তে এই গাঁৱখনে সমাজত দাঙি ধৰিছে এক উল্লেখনীয় নিৰ্দশন ৷

অন্য এক খবৰৰ বাবে:মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে মাজুলী ভ্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details