ধিং, 23 জানুৱাৰীঃ ভাতৃ-ঘাতী সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আওৱালে । সংবাদ মাধ্যমৰ আলোচনাচক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে মিঞা, মুছলমান জাতিৰ নাম লৈ অশ্লীল গালি গালাজ পাৰি অপমান কৰাৰ পিছতেই সৰব হৈ পৰিছে এ আই ইউ ডি এফৰ নেতৃত্ব ।
বৃহস্পতিবাৰে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আঁওৱালেৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিলে এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে । সংবাদ মাধ্যমত আলোচনাচক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক মমিনুল আওৱালে অপমান কৰাৰ বাবে এতিয়া উত্তাল ধিং সমষ্টি । সমষ্টিটোৰ বিভিন্ন ঠাইত মমিনুল আওৱালৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । এ আই ইউ ডি এফৰ কৰ্মী সমৰ্থকৰ দাবী যে মমিনুল আওৱালক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক চৰকাৰে । তদুপৰি এ আই ইউ ডি এফ কৰ্মীৰ ঘোষণা মুছলমান জাতিক অপমান কৰা জন মুছলমান হ'ব নোৱাৰে । এ আই ইউ ডি এফৰ নেতা কৰ্মীৰ সঁকিয়নি মমিনুল আওৱালৰ সাহস আছে যদি সংখ্যালঘু অঞ্চলত গৈ এনেধৰণৰ মন্তব্য কৰি দেখুৱাওক ।