ধিং,13 নৱেম্বৰ:বুধবাৰে উত্তাল হৈ পৰিল ধিং শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ চৌহদ ৷ শাখাটোৰ গ্ৰাহক সেৱা কেন্দ্ৰ খুলি নিদিয়াৰ ফলত গ্ৰাহক সকলে বেংকটো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি বিগত 5 মাহ ধৰি ধিঙৰ জেঙনী গাঁৱৰ গ্ৰাহক সেৱা কেন্দ্ৰটো বেংক কতৃপক্ষই বন্ধ কৰি ৰখাৰ বাবে বেংকৰ কাম কাজ ব্যাহত হৈ পৰাৰ লগতে বহু অসুবিধাৰ সন্মুখীন হৈছে গ্ৰাহকসকল। বেংক কতৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তত অতিষ্ঠ হৈ বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গ্ৰাহকসকলে ৷ অতিশীঘ্রে জেঙনীস্থিত গ্ৰাহক সেৱা কেন্দ্ৰটো খুলি দিবলৈ দাবী জনায় ভুক্তভোগী গ্ৰাহকে।
অসম গ্ৰামীণ বিকাশ বেংক ঘেৰাও কৰি গ্ৰাহকৰ উত্তাল প্ৰতিবাদ - প্ৰধানমন্ত্ৰীৰ আবাস যোজনা,বৃদ্ধ পেঞ্চন,বিধৱা পেঞ্চন, কৃষকৰ আঁচনি ,উজ্জ্বলা আঁচনি
আনহাতে এই ক্ষেত্ৰত "Syanresha Technology Pvt Ltd" নামৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ আঁকোৰগোজ মনোভাৱৰ বাবেই গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ হৈ আছে ৷
![অসম গ্ৰামীণ বিকাশ বেংক ঘেৰাও কৰি গ্ৰাহকৰ উত্তাল প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5050928-986-5050928-1573642320391.jpg)
অসম গ্ৰামীণ বিকাশ বেংক ঘেৰাও কৰি গ্ৰাহকৰ উত্তাল প্ৰতিবাদ
অসম গ্ৰামীণ বিকাশ বেংক ঘেৰাও কৰি গ্ৰাহকৰ উত্তাল প্ৰতিবাদ
আনহাতে এই ক্ষেত্ৰত "Syanresha Technology Pvt Ltd" নামৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ আঁকোৰগোজ মনোভাৱৰ বাবেই গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ হৈ আছে ৷ যাৰ বাবে চৰকাৰী অভিলাষী আঁচনি যেনে, প্ৰধানমন্ত্ৰীৰ আবাস যোজনা,বৃদ্ধ পেঞ্চন,বিধৱা পেঞ্চন, কৃষকৰ আঁচনি ,উজ্জ্বলা আঁচনিৰ ধন উঠাব নোৱাৰাত গ্ৰাহকসকল ভীষণ অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে শাখা মেনেজাৰে।
লগতে পঢ়কঃ বি টি এডিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ লগত হ’ব মিত্ৰতা: প্ৰমীলাৰাণী ব্ৰহ্ম
Last Updated : Nov 13, 2019, 7:46 PM IST