ধিং, 5 অক্টোবৰ :পান কাৰ্ড, ভোটাৰ কাৰ্ড অথবা আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে ধিঙত । ধিঙৰ বৃহত্তৰ চৰাঞ্চলত এফালে মাতব্বৰৰ গুণ্ডৰাজ আনফালে আকৌ ভুৱা প্ৰলোভনেৰে ৰাইজৰ মূৰত ৰামটাঙোন সোধাৱা ঘটনাই অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ সমাজত শিক্ষিত ব্যক্তি বুলি পৰিচিত একাংশ দুষ্টচক্ৰই এনে ঘটনা সংঘটিত কৰি আছে নগাঁও ধিঙৰ ৰাণীতাপু চাপৰিত ।
ৰাণীতাপু চাপৰিৰ প্ৰায় শতাধিক লোকৰ নামত অজ্ঞাতেই এটা দুষ্ট চক্ৰই সৰকাইছে লক্ষ লক্ষ টকা । চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভনেৰে প্ৰায় শতাধিক লোকৰ পৰা দুষ্টচক্ৰটোৱে সংগ্ৰহ কৰিছিল ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ড । এই সমূহ তথ্য-পাতিৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ অজ্ঞাতেই সংগ্ৰহ কৰিছিল ঋণ । প্ৰতিজন লোকৰ নামত দহৰ পৰা পঞ্চাশ ষাঠী হাজাৰ টকা কৌশলেৰে সৰকাইছিল এটা দুষ্ট চক্ৰই ৷