ছামগুৰি, ৩১ মাৰ্চ:ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদৰ্শ চিকিৎসালয় স্থাপনৰ জৰিয়তে চৰকাৰে চিকিৎসা সেৱাক উন্নীতকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ কথা দাবী কৰি আহিছে । কিন্তু চিকিৎসা সেৱাক উন্নীতকৰণৰ ধাক-ঢোল বজোৱা স্বাস্থ্যখণ্ডৰ আন এখন ছবিহে উদঙাই দিছে মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ ব্যৱস্থাই ।
চিকিৎসালয়খনত নামত ৬ জনকৈ চিকিৎসক আছে ঠিকেই, পাছে এজনতকৈ বেছি চিকিৎসক উপস্থিতহে নাথাকে চিকিৎসালয়খনত । যাৰ পৰিপেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চিকিৎসালয়খনলৈ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আহি উভতি যাব লগাৰ দৰে পৰিস্থিতিও হয় । দিনৰ এক বজাৰ পাছত কৰ্তব্যৰত চিকিৎসক গুছি যোৱাৰ পাছত আদৰ্শ চিকিৎসালয়খনলৈ ৰোগী আহিলে চিকিৎসকক লগ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Devastated form of Mowamari Model Hospital) ।
বিশেষকৈ নিশাৰ ভাগত বিভিন্ন ৰোগ, প্ৰসূতি অথবা জৰুৰীকালীন চিকিৎসাৰ বাবে চিকিৎসালয়খনত নাথাকে কোনো চিকিৎসক । চিকিৎসকৰ অভাৱৰ বাবেই চিকিৎসালয়ৰ সীমাতে লাগি থকা মুৱামাৰী আৰক্ষী চকীৰ কোনো আচামীক দুপৰীয়া এক বজাৰ বজাৰ পাছত আৰক্ষীয়ে মেডিকেল কৰিবলৈ নিব লগা হয় অন্য চিকিৎসালয়লৈ ।