নগাঁও, 5 জুন : দীর্ঘসময়ৰ লক ডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে জিমৰ সৈতে জড়িত লোকসকল । বহু নিবনুৱা যুৱক যুৱতীয়ে বেংকৰ পৰা ঋণ লৈ জিম খোলাৰ লগতে পৰিয়ালসমূহো পোহপাল দি আহিছে । তেনেক্ষেত্ৰত লক্ ডাউনৰ ফলত বন্ধ হৈ আছে শৰীৰচৰ্চাৰ প্ৰতিষ্ঠানসমূহ। যাৰ বাবে এতিয়া বেংকৰ ঋণ,ঘৰভাড়া আদায় দিব নোৱাৰাৰ লগতে তীব্ৰ অৰ্থ সংকটৰ সন্মুখীন হৈছে জিমৰ স্বত্বাধিকাৰীসকল। সেয়ে শীঘ্ৰেই জিম খোলাৰ অনুমতি দিয়াৰ দাবী জনাইছে মিষ্টাৰ ইউনিভাৰ্চ তথা জিমৰ স্বত্বাধিকাৰী শ্বৰীফুল আলম শইকীয়াই।
নগাঁৱত জিম খোলাৰ অনুমতি দিয়াৰ দাবী শৰীৰচর্চাবিদৰ
নিয়ম নীতিৰ মাজেৰে জিমসমূহ খোলাৰ অনুমতি দিবলৈ চৰকাৰক দাবী জনাইছে মিষ্টাৰ ইউনিভাৰ্চি তথা জিমৰ স্বত্বাধিকাৰী শ্বৰীফুল আলম শইকীয়াই।
নগাঁৱত জিম খোলাৰ অনুমতি দিয়াৰ দাবী শৰীৰচর্চাবিদৰ
পঞ্চম পৰ্যায়ৰ লক ডাউন অৰ্থাৎ আনলক 1.0ত বহু ক্ষেত্ৰত শিথিলতা দিয়া হৈছে যদিও জিমসমূহ খোলাৰ অনুমতি নিদিয়াত এতিয়া ক্ষুব্ধ হৈ পৰিছে জিমৰ স্বত্বাধিকাৰীসকল। নগাঁও জিলাতে আছে প্ৰায় কুৰিটাকৈ শৰীৰচর্চা প্ৰতিষ্ঠান। নিয়ম নীতিৰ মাজেৰে জিমসমূহ খোলাৰ অনুমতি দিবলৈ চৰকাৰক দাবী জনাইছে মিষ্টাৰ ইউনিভাৰ্চগৰাকীয়ে ৷
লগতে পঢ়কঃ গছপুলি ৰোপণেৰে অসমক উজ্বলাই তুলিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ