কলিয়াবৰ, 13 ছেপ্তেম্বৰ :দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ আইনী যুঁজৰ বাবে দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্থ সংগ্ৰহ অভিযান আৰম্ভ কৰে । নগাঁৱৰ বিভিন্ন ঠাইৰ লগতে কলিয়াবৰৰ জখলাবন্ধা, হাটবৰ, মিছাকে ধৰি বিভিন্ন অঞ্চলত অৰ্থ সংগ্ৰহ কৰা দেখা যায় ।
উল্লেখযোগ্য যে, 13 আগষ্টত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ বিভিন্ন অঞ্চলত অৰ্থ সংগ্ৰহৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিচতে 25 আগষ্টৰ পৰা অৰ্থ সংগ্ৰহ অভিযান আৰম্ভ কৰিছিল ।