নগাঁও, 25 এপ্ৰিলঃ নগাঁৱৰ জিউমাৰীৰ একাংশ লোকে দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন ৷ বিলত আৱদ্ধ হোৱা হৰিণা পোৱালিক উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক ৷ বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এটা হৰিণা । পোৱালিটো বিচাৰি ফুৰিছিল বন বিভাগৰ লোকেও ৷ কিন্তু ৰূপহীহাটৰ জিউমাৰীৰ এখন বিলত আৱদ্ধ হৈ পৰিছিল হৰিণাটো ৷
নগাঁৱত উদ্ধাৰ হৰিণা পোৱালি - assam news
খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এটা হৰিণা । পোৱালিটো বিচাৰি ফুৰিছিল বন বিভাগৰ লোকেও ৷ কিন্তু ৰূপহীহাটৰ জিউমাৰীৰ এখন বিলত আৱদ্ধ হৈ পৰিছিল হৰিণাটো
নগাঁৱত উদ্ধাৰ হৰিণা পোৱালি
পঢ়ক জাগীৰোডত নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ
স্থানীয় একাংশ লোকে হৰিণাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰৰ চেষ্টা চলাই ৷ উদ্ধাৰ পাচতে হৰিণা শুশ্ৰুষা আগবঢ়োৱাৰ উপৰিও লাওখোৱা বন বিভাগক গতাই দিয়ে প্ৰকৃতিপ্ৰেমীসকলে ৷