অসম

assam

ETV Bharat / state

প্ৰতিবাদৰ মাজেৰে আজি অসমীয়াই বুজাই দিছে, 'কা আমি নামোনো': দেৱব্ৰত শইকীয়া

কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ প্ৰতিবাদী কণ্ঠক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনি বিধেয়ক 2019 জাপি দিব বিছাৰিছে ৷ এইদৰে সংবাদ মাধ্যমৰ আগত শুকুবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

debrabat-saikia-reaction-againts-caa
প্ৰতিবাদৰ মাজেৰে আজি অসমীয়াই বুজাই দিছে, 'কা আমি নামোনো':দেৱব্ৰত শইকীয়া

By

Published : Dec 11, 2020, 9:31 PM IST

গুৱাহাটী, 11 ডিচেম্বৰ : অসমে ৫ জনকৈ নিৰীহ অসমীয়াক এই আইনখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত হেৰুৱালে । অসমৰ ৰাইজে এই আইন খনক তেতিয়াও মানি লোৱা নাছিল আৰু ভৱিষ্যতেও এই ক'লা আইন মানি নলয় সেই কথা প্ৰতিবাদৰ মাজেৰে আজি অসমীয়াই বুজাই দিছে । এইদৰে সংবাদ মাধ্যমৰ আগত শুকুবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ প্ৰতিবাদী কণ্ঠক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 জাপি দিব বিছাৰিছে ৷ শেহতীয়াকৈ বিজেপি নেতা কৈলাশ বিজয় বৰ্গিয়াই ঘোষণা কৰিছে যে অহা জানুৱাৰী মাহৰ পৰা কা' অধীনত নিদিষ্ট কেইটামান ধৰ্মলম্বীলোকক ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদাণ কৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ এই আইন খন সংসদত কংগ্ৰেছ দলে প্ৰৱল বিৰোধিতা কৰিছিল যদিও সংখ্যাৰ অভাৱত বিৰোধী সফল নোৱাৰা কথাও স্বীকাৰ কৰিলে দেৱব্ৰত শইকীয়াই ৷

তদুপৰি কা' অধিনত 2014 চনৰ ডিচেম্বৰ মাহৰ ভিতৰৰ অবৈধ বিদেশী নাগৰিকক অসমত সংস্থাপিত কৰি অসম চুক্তিৰ অধীনৰ বিদেশী বিতাৰণৰ 1972 চনৰ 24 মাৰ্চৰ মাজ নিশাৰ চৰম সীমা কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ভাৱে নস্যাৎ কৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ এইয়া অসমীয়াৰ প্ৰতি বিজেপি চৰকাৰৰ চৰম প্ৰতাৰণা বুলি অভিহিত কৰি তেওঁ লগতে কয়,'নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে 2014 চনৰ নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু অসম চুক্তি আধাৰত বিদেশী বিতাৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইয়াৰ বিপৰীতে কা' বলৱৎ কৰি কেন্দ্ৰীয় চৰকাৰে অসমীয়া সমাজখনৰ বিপৰীত দিশত স্থিতি গ্ৰহণ কৰিছে ৷

ইফালে, কা' আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে অগণতান্ত্ৰিক ভাৱে অসম চৰকাৰে অখিল গগৈক এবছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ৷ সমান্তৰালভাৱে কৃষক নেতা গৰাকীক শীঘ্ৰে জামিনত মুক্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই দেবব্ৰত শইকীয়াই ।

লগতে পঢ়ক:কা' বলবৎ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভাজনৰ নীতি গ্ৰহণ কৰিছিল : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details