চামগুৰি, 30 অক্টোবৰ: "বঢ়মপুৰৰ আমডাংগাত ৰায়তী খতিয়ানপ্ৰাপ্ত লোকক উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক ৷ জাতি-মাটি ৰক্ষা কৰাৰ নিলাজ শ্লোগান দিছে এইখন চৰকাৰে । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থানত পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ "। শুকুৰবাৰে চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমদাংগাত উপস্থিত হৈ এই মন্তব্য কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ ওপৰিও নেতা গৰাকীয়ে কয় যে, "অসম চৰকাৰখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰ । মহাপুৰুষৰ নামত যি মিউজিয়াম আছে তাত কি থাকিব লাগে, কি থাকিব নালাগে সেইয়া অসম চুক্তি ৰূপায়ন বিভাগ আৰু বিশেষজ্ঞই ঠিক কৰিব । ইয়াত কি থাকিব সেইয়া কোনো ৰাজনীতিবিদে ঠিৰাং কৰা উচিত নহয় ৷ যি সকল ৰাজনৈতিক লোকে এই সংক্ৰান্তত মন্তব্য দিছে তেওঁলোকে নিজৰ ভোট বেংকৰ স্বাৰ্থত মন্তব্য দিছে "। আনহাতে ডাঙৰ ডাঙৰ সমস্যা সমূহ সমাধান কৰিবলৈ চৰকাৰৰ হাতত পুঁজি নাই, কিন্তু কোনোবাই প্ৰস্তাৱ কৰিলে মিউজিয়াম বনাবলৈও চৰকাৰৰ হাতত কেনেকৈ পুঁজি থাকে বুলি প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই ৷
আনহাতে এইয়া এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰি ইয়াত চৰকাৰ-বিৰোধী সকলো জড়িত থাকিব পাৰে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ অসমক ভালপোৱা কোনো লোকেই এইবিলাক বিৰ্তকত সোমোৱাৰ দৰকাৰ নাই আৰু ইয়াৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ ইফালে সভাপতি ৰিপুণ বৰাক পদৰ পৰা আঁতৰাবৰ বাবে পঠোৱা পত্ৰত নিজৰ নাম থকা প্ৰসংগ সন্দৰ্ভত দেবব্ৰত শইকীয়াই কয় ৰিপুণ বৰাই যদি ভাল কাম কৰিছে তেন্তে ৰিপুণ বৰাক ৰাখক,বেয়া কাম কৰিলে আঁতৰাই দিব তাত মোৰ ক'ব লগা একো নাই ৷