অসম

assam

ETV Bharat / state

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত ম'হমৰীয়া - নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ ম'হমৰীয়া । স্বামীগৃহৰ চোতালতে সৎকাৰৰ চেষ্টা পৰিয়ালৰ । মাতৃৰ মৃতদেহলৈ চাই ছমহীয়া কণমানিৰ চিৎকাৰ । ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷

নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

By

Published : Nov 12, 2019, 11:08 PM IST

নগাওঁ, 12 নৱেম্বৰ: এগৰাকী মহিলাৰ কোলাত বহি এটি কণমানিয়ে ৰ লাগি চাইছে মাতৃৰ নিথৰ দেহ । মাতৃৰ মৰম বিচাৰি কান্দিছে ছমহীয়া কণমানিটিয়ে । কিন্তু বগা কাপোৰেৰে ঢাকি ৰখা মাতৃৰ যে সেয়া নিথৰ দেহ বুজি পোৱা নাই অবুজ শিশুটিয়ে ।

ঘটনা নগাঁৱৰ ম'হমৰিয়াৰ। এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি মঙলবাৰে বিয়লি উত্তপ্ত হৈ পৰে অঞ্চলটো । সোমবাৰে নিশা বিহ পান কৰাৰ ফলত মৃত্য হয় কণমানিটিৰ মাতৃ গৰাকীৰ । নিশা ৰহস্যজনকভাৱে মৃত্যু হোৱা মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বামী গৃহলৈ নিয়াৰ পিছতেই সৃষ্টি হয় উত্তেজনাৰ । স্বামী আৰু শাহুয়ে মিলি বিহপান কৰাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীৰ পৰিয়ালে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷

নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details