নগাঁও 18 মে’: সময় বাগৰাৰ লগে লগেই যেন ক্ৰমাৎ অধিক গভীৰতাৰ মাজলৈ সোমাই পৰিছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য । সোমবাৰে মাজনিশা নগাঁৱৰ জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই । এখন কণ্টেইনাৰ আৰু এছ আই জোনমণি ৰাভাৰ এছ প্ৰেছ' বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পিচতেই বাহনখনৰ পৰা উদ্ধাৰ হৈছিল এছ আই জোনমণি ৰাভাৰ মৃতদেহ (SI Junmoni Rabha death news)।
এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ বিভিন্ন মহলত হৈছিল নানা প্ৰশ্নৰ । জোনমণিৰ মৃত্যুক যেন কোনো কাৰণতে সহজভাৱে ল'বই পৰা নাছিল মাতৃয়ে । মঙলবাৰে আৰক্ষী বিষয়গৰাকীৰ মৃতদেহ নগাঁও আৰক্ষী ছাউনিৰ খেলপথাৰত শেষ শ্ৰদ্ধা জনাবলৈ অনাৰ পিচৰ পৰাই জোনমণিৰ মাতৃয়ে দাবী কৰি আহিছে এই মৃত্যু দুৰ্ঘটনা নহয় বুলি । জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগ উত্থাপন মাতৃৰ (Junmoni Rabha accident news)।
ইয়াৰ মাজতেই পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । প্ৰথমেই পোহৰলৈ আহিছে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ এই এজাহাৰখন । কেইদিনমান পূৰ্বে নগাঁৱত এটা জালনোট সৰবৰাহকাৰী চক্ৰ জালত পেলাবলৈ সক্ষম হোৱা এছ আই জোনমণি ৰাভাই চক্ৰটোৰ লিংক বিচাৰি অভিযান চলাইছিল লখিমপুৰত । তাৰ পিচতেই জোনমণি ৰাভাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগত ৰুজু হৈছিল গোচৰ । এনে অৱস্থাতেই সোমবাৰে নিশা হঠাৎ জখলাবন্ধাত পথ দুৰ্ঘটনাত মৃত্যু হয় এছ আই জোনমণি ৰাভাৰ (Junmani Rabha death controversy)।
জোনমণিৰ মৃত্যুৰ পিচতেই নিজকে ইনফৰ্মাৰ বুলি দাবী কৰা লখিমপুৰৰ হাচিনা বেগম নামৰ এইগৰাকী মহিলাইয়ো কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য । জাল নোট সৰবৰাহকাৰী, নকল সোণৰ ব্যৱসায়ীৰ পৰা জোনমণি ৰাভাই ভাবুকি পোৱা বুলি উল্লেখ হাচিনা বেগম নামৰ মহিলাগৰাকীৰ (Junmoni Rabha news updates) ।