কলিয়াবৰ, 10 ফেব্ৰুৱাৰী : অৱশেষত মৃত্যুৰে সৈতে যুঁজি হাৰ মানিলে কলিয়াবৰত আঘাতপ্ৰাপ্ত এটা বন্য হস্তীয়ে (Death of an injured wild elephant in Kaliabor) ৷ বৃহস্পতিবাৰে মৃত্যু হ’ল কলিয়াবৰৰ কামাখ্যা বনাঞ্চলৰ সমীপৰ সোণাৰী চাহ বাগিচাৰ ৯ নম্বৰ লাইনত মৃত্যু যন্ত্ৰনাত চটফটাই থকা বন্য হস্তীটোৰ ৷ বনবিভাগৰ সন্দেহ, দঁতাল হাতীৰ যুঁজত আঘাতপ্ৰাপ্ত হৈ আহত হৈছিল বনৰীয়া হাতীটো ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, কলিয়াবৰৰ কামাখ্যা বনাঞ্চলৰ সমীপৰ সোণাৰী চাহ বাগিচাত শুনিবলৈ পোৱা গৈছিল হাতীৰ চিঞৰ (Injured a wild elephant) ৷ চিঞৰ শুনি গঞা ৰাইজ ওলাই আহিছিল সোণাৰী চাহ বাগিচালৈ ৷ তাৰ পাচতেই বাগানৰ মাজত গঞা ৰাইজে প্ৰত্যক্ষ কৰে আঘাতপ্ৰাপ্ত হাতীটোক ৷