অসম

assam

ETV Bharat / state

বিদ্যুৎপৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু - মৃত্যু

কলিয়াবৰত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয় ৷ এঘৰ লোকৰ বাৰীত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলতে মৃত্যু হয় হাতীটোৰ ৷

Death of a wild elephant due to electrocution kaliabar assam etv bharat news
বনৰীয়া হাতীৰ মৃত্যু

By

Published : Jul 28, 2020, 12:21 PM IST

কলিয়াবৰ,28 জুলাই:কলিয়াবৰত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুক আঁকোৱালি লৈছে এটা বনৰীয়া হাতীয়ে ৷ কলিয়াবৰৰ শালনা চাহ বাগিচাৰ অন্তৰ্গত লেংটেং খণ্ডত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটো ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বাগিচাখনৰ আমগুৰি লাইনৰ এঘৰ লোকৰ বাৰীৰ কঁঠাল গছত লগাই ৰখা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটে হাতীটোৰ ৷

বনৰীয়া হাতীৰ মৃত্যু

হস্তী-মানৱৰ সংঘাত অব্যাহত থকাৰ মাজতে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল বনৰীয়া হাতীটোৱে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত বন বিষয়া উপস্থিত হৈ মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সেই স্থানতে মৃতদেহটো সমাধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত মুখ্য বন বিষয়া,ৰেঞ্জাৰকে ধৰি পশু চিকিৎসকলৰ দল এটা ঘটনাস্থলীলৈ ৰাওনা হয় ৷

লগতে চাওকঃৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰে ৰঙাপৰাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details