চামগুৰি, ১০ আগষ্ট:নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি গাঁৱৰ জলসিঞ্চন বিভাগৰ 5 নং পানী যোগান আঁচনিৰ পিছফালে প্ৰয়াত বাহাৰুল ইছলামৰ পুত্ৰ শৰফত আলীৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয়(Death body recovered at Sonai River in Nagaon)। পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি সোমবাৰে কামৰ পৰা অহাৰ পথত চলচলিত গাড়ীৰ পৰা নামিছিল যুৱকজন । পৰৱৰ্তী সময়ত নিশা ১১ বজালৈকে ঘৰত উপস্থিত হোৱা নাছিল যুৱকজন ।
পৰিয়ালৰ লোকে নিশা ঘৰলৈ উভতি নহা দেখি বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল । ইয়াৰ পিছত পুৱা ঘৰৰ কাষতে থকা ৫ নং পানী যোগান আঁচনিৰ পিছফালে সোণাই নদীত ওপঙি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে হয়বৰগাঁও থানাৰ আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ(Nagaon Bhogeswari Phukanani Civil Hospital)প্ৰেৰণ কৰে ।