অসম

assam

ETV Bharat / state

বঢ়মপুৰৰ কঠিয়াতলীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ - woman Death Body Recovered at Barhampur 2019

বঢ়মপুৰৰ কঠিয়াতলী ৰেংবেং সৰুপথাৰৰত চাঞ্চল্যকৰ ঘটনা ৷ এটা জুৰিত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷

বঢ়মপুৰৰ কঠিয়াতলীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

By

Published : Nov 2, 2019, 9:34 PM IST

নগাঁও, 2 নৱেম্বৰ:কঠিয়াতলী ৰেংবেং সৰুপথাৰৰ এটা জুৰিত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ চেপা-উত্তেজনা অঞ্চলটোত ৷ পানীত মেটেকাৰে ঢাকি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ মৃতদেহটোৰ এটা ভৰি ওলাই থকাৰ বাবেই প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয় স্থানীয় লোকে ৷ পিচত যমুনামুখ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।

কঠিয়াতলীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

মহিলা গৰাকীৰ পৰিচয় বৰ্তমান লৈকে জানিব পৰা হোৱা নাই ৷ কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি জুৰিত মেটেকাৰে ঢাকি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ABOUT THE AUTHOR

...view details