অসম

assam

ETV Bharat / state

আজি পাৰ্বতী প্ৰসাদ বৰুৱাৰ 57 তম মৃত্যুতিথি - death anniversary of parvati prasad baruah

শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই জীৱনৰ বেছিভাগ সময় সোণাৰিৰ সোণালীপাম নামৰ গৃহত অতিবাহিত কৰিছিল ৷ এই সোণালী পামৰ নিগাজী ঘৰত বহিয়েই শিল্পী গৰাকীয়ে ৰচনা কৰিছিল বহু গীত আৰু কবিতা ৷ অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা এই গৰাকীৰ শিল্পীৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ আজিৰ দিনটোতে ৷

death anniversary of parvati prasad baruah
আজি পাৰ্বতী প্ৰসাদ বৰুৱাৰ 57 তম মৃত্যুতিথি

By

Published : Jun 7, 2021, 12:29 PM IST

Updated : Jun 7, 2021, 1:15 PM IST

নগাঁও,7 জুন: আজি গীতি-কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ 57 সংখ্য়ক মৃত্যু তিথি ৷ শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা পাৰ্বতি প্ৰসাদ বৰুৱাই জীৱনৰ বেছিভাগ সময় সোণাৰিৰ সোণালীপাম নামৰ গৃহত অতিবাহিত কৰিছিল ৷ এই সোণালী পামৰ নিগাজী ঘৰত বহিয়েই শিল্পী গৰাকীয়ে ৰচনা কৰিছিল বহু গীত আৰু কবিতা ৷ সেই ঘৰটোৰ পৰাই অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা এই গৰাকীৰ শিল্পীৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ আজিৰ দিনটোতে ৷

উল্লেখ্য যে, সৰু-চৰাইত 'জোনাকী মেল'ৰ পাতনি মেলা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা অসমীয়া সাংস্কৃতিক জগতখনৰ এগৰাকী চিৰনমস‍্য পুৰোধা ব‍্যক্তি। তেওঁ চতুৰ্থখন অসমীয়া ছবি 'ৰূপহী'ৰ নিৰ্মাতা, নাট‍্যকাৰ যদিও মূলত গীতি-কবিতাৰে অসমীয়া সাহিত‍্য জগতত এক সুকীয়া স্থান দখল কৰিছিল । পাৰ্বতী প্ৰসাদৰ গীত-কবিতাসমূহে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সান্নিধ‍্যত এক নতুন পৰিচয় লাভ কৰিছিল ৷ পাৰ্বতী প্ৰসাদ বৰুৱাই গীত-কবিতাসমূহক সুৰ দি নিজে কণ্ঠদান কৰি যি অমৰত্ব প্ৰদান কৰিলে, সেই গীতে অসমীয়া সংগীত জগতখনক চহকী কৰি ৰাখিব যুগ-যুগান্তৰলৈ ।

আজি পাৰ্বতী প্ৰসাদ বৰুৱাৰ 57 তম মৃত্যুতিথি

গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু দিৱসত শ্ৰদ্ধা জনাই দৰদী শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ অমৰ কণ্ঠত প্ৰাণ পাই উঠা “আপোন হাতে ঘৰ ভাঙিলি” গীতটিৰ হিন্দী ৰূপান্তৰ কৰিছে সংবাদকৰ্মী ৰূপজ্যোতি গোস্বামীয়ে ৷ গীতটো বাণীবন্ধন কৰিছে পঞ্চম ভূমিজে ৷

লগতে পঢ়ক: Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়

Last Updated : Jun 7, 2021, 1:15 PM IST

ABOUT THE AUTHOR

...view details