কলিয়াবৰ, 14 মাৰ্চঃকলিয়াবৰ জখলাবন্ধা ৰে'ল পথৰ কাষতশনিবাৰে উদ্ধাৰ হয় এজন পুৰুষৰ ছিন্ন মুণ্ড মৃতদেহ। মৃতদেহটো স্থানীয় চিকনি তিনিআলিৰ শুকৰাম ভূঞা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লে কটাৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। কিন্তু এয়া দুৰ্ঘটনা নে আত্মহত্যা এই কথা স্পষ্ট হোৱা নাই ৷ ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
কলিয়াবৰ ৰে'ল লাইনত উদ্ধাৰ এজন লোকৰ ছিন্ন মুণ্ড মৃতদেহ - শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ
শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লে কটাৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
![কলিয়াবৰ ৰে'ল লাইনত উদ্ধাৰ এজন লোকৰ ছিন্ন মুণ্ড মৃতদেহ শুকৰাম ভূঞা নামৰ এজন লোকৰ ছিন্ন মুণ্ড মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6405748-thumbnail-3x2-p.jpg)
শুকৰাম ভূঞা নামৰ এজন লোকৰ ছিন্ন মুণ্ড মৃতদেহ