বঢ়মপুৰ,17 আগষ্ট:নগাঁৱৰ কঠিয়াতলীৰ অন্তৰ্গত শগুণডাংগাত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো মতিচন্দ গৌৰ নামৰ ব্যক্তিগৰাকীৰ বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বিগত ১৫ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল ব্যক্তিগৰাকী ।
কঠিয়াতলীত পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
নগাঁৱৰ কঠিয়াতলীত উদ্ধাৰ হৈছে এগৰাকী ব্যক্তিৰ মৃতদেহ ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।
মৃতদেহ উদ্ধাৰ
ইফালে,উক্ত ঘটনাৰ দুদিন পিছত অৰ্থাৎ সোমবাৰে পুৱা এটা পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ব্যক্তিগৰাকীয়ে অত্যধিক মদ্যপান কৰি পুখুৰীত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই ৷