অসম

assam

By

Published : Jul 6, 2020, 12:07 AM IST

ETV Bharat / state

বৰকলাৰ হাৰিয়াত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

শনিবাৰে এজন মৃতকৰ অন্তিম সৎকাৰত উপস্থিত থকাৰ অন্তত বৰকলাৰ চিংকু বৰদলৈ নামৰ ব্যক্তি এজন বাহিৰে বাহিৰে হাৰিয়া নদীত গা ধুবৰ বাবে গৈ নদীত হৈছিল সন্ধানহীন । দেওবাৰে পুৱাৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ(SDRF) অভিযানকাৰী দলে অভিযান চলাই নদীত চিংকু বৰদলৈৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

deadbody recovered at haria of borkola
বৰকলাৰ হাৰিয়াত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

বঢ়মপুৰ,৫জুলাই : শনিবাৰে এজন মৃতকৰ অন্তিম সৎকাৰত উপস্থিত থকাৰ অন্তত হাৰিয়া নদীত গা ধুবলৈ গৈ নদীত হৈছিল সন্ধানহীন বৰকলাৰ চিংকু বৰদলৈ নামৰএজনব্যক্তি। ব্যক্তিজন সন্ধানহীন হোৱাৰ খবৰ পাই কামপুৰ অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ(SDRF) দল উপস্থিত হয় । উদ্ধাৰকাৰী দলে অভিযান চলালে যদিও নিশা আন্ধাৰ হৈ অহা বাবে সেইদিনা অভিযান আধাতে সামৰে ।

বৰকলাৰ হাৰিয়াত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

দেওবাৰে পুৱাৰ পৰা অভিযানকাৰী দলে পুনৰ অভিযান চলাই নদীত চিংকু বৰদলৈৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত উপস্থিত বেবেজীয়া আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details