বুঢ়াপাহাৰত উদ্ধাৰ সলিল সমাধি ঘটা ব্যক্তিৰ মৃতদেহ
স্থানীয় লোকৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিল যদিও সোমবাৰে বিয়লিহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোকজনৰ মৃতদেহ ৷
কলিয়াবৰ, 16 জুলাই: সলিল সমাধি ঘটা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ বুঢ়াপাহাৰত ৷ দেওবাৰে এটা ডুবাত পৰি মৃত্যু হোৱা লোকজনৰ সন্ধানত স্থানীয় লোকৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিল যদিও সোমবাৰে বিয়লিহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোকজনৰ মৃতদেহ ৷ ইতিমধ্যে চৰকাৰে মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তয়ে । উল্লেখ্য যে, তিনিজন সহযোগীসহ বাগিচাৰে এগৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰি উভতি অহা অৱস্থাতে ঘৰৰ সমীপৰ এটা ডোবাত সোমাই দেওবাৰে কৰুণ মৃত্যুক সাৱটি লয় কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ বৰ লাইনৰ জীতেন মাঝি নামৰ ৩০ বছৰীয়া লোকজনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালভাৱে বুঢ়াপাহাৰ চাহ বাগিছাতো বিভিষিকাৰ সৃষ্টি কৰিছে বানে ৷ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মাত্ৰ ৩০ মিটাৰ দূৰত্বতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷