নগাঁও, 22 মে': চামগুৰিত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । শনিবাৰে পুৱা স্থানীয় ৰাইজে চামগুৰিৰ বিলপাৰত এটা মৃতদেহ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে চামগুৰি আৰক্ষীক । খবৰ পোৱাৰ লগতে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ মৃত লোকজন বৰপেটাৰ কমল দাস বুলি চিনাক্ত কৰে ভাতৃয়ে ।
চামগুৰিত মৃতদেহ উদ্ধাৰ - চামগুৰি আৰক্ষী
চামগুৰিত মৃতদেহ উদ্ধাৰ ৷ মৃত লোকজন বৰপেটাৰ কমল দাস ৷ বুধবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন ৷ দীৰ্ঘ দিন ধৰি কঠালগুৰিস্থিত এটা ক্ৰেচাৰত কৰ্মৰত আছিল মৃত কমল দাস ৷
চামগুৰিত মৃতদেহ উদ্ধাৰ
উল্লেখ্য যে, কমল দাস দীৰ্ঘ দিন ধৰি কঠালগুৰিস্থিত এটা ক্ৰেচাৰত কৰ্মৰত হৈ আছিল । যোৱা বুধবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন । কমল দাসৰ বয়স 35 বছৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানে ঘটনাতো এক ৰহস্যৰ আৱৰ্তত ৷