অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ মৃতদেহ

সোমবাৰে নগাঁও জিলাৰ ননৈৰে পাৰ হৈ যোৱা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সমীপতে উদ্ধাৰ হৈছে এটা মৃতদেহ । অঞ্চলটোত থকা শ'লমাৰি পেট্ৰ'ল পাম্পৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো ।

By

Published : Aug 10, 2020, 4:16 PM IST

dead body recover at 36 national highway at nagaon
ননৈত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ এটা মৃতদেহ

নিউজ ডেস্ক,১০আগষ্ট: সোমবাৰে ননৈৰ শ'লমাৰি পেট্ৰ'ল পাম্পৰ কাষৰে এটা পুখুৰীত স্থানীয় লোকে প্ৰত্যক্ষ কৰিলে মৃতদেহটো । ইয়াৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ।

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ননৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।

ননৈত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ এটা মৃতদেহ

মৃত লোকজনক সেই স্থানত থকা পুখুৰীটোলৈ চোচৰাই নিয়াৰ চিন স্পষ্ট হৈ থকাত এয়া এক হত্যাকাণ্ডৰ অন্তত পুখুৰীটোলৈ টানি নি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । অৱশ্যে মৃত লোকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details