কলিয়াবৰ, 9 ছেপ্তেম্বৰ :কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) বুঢ়াপাহাৰ বনাঞ্চলত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে এজনী মাইকী গঁড়ৰ(Rhino) মৃতদেহ ৷ বানৰ(Flood) কবলত পৰি গঁড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ(Forest Department) কৰ্তৃপক্ষই ৷
ইফালে মৃত গঁড়জনীৰ খড়গটো উদ্ধাৰ কৰিছে বন বিভাগে ৷ টুনিকাটি বন সুৰক্ষা শিবিৰৰ অন্তৰ্গত 37 নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড়ৰ মৃতদেহটো উদ্ধাৰ কৰে । অৱশ্যে পূৰ্বতকৈ ক্ৰমাৎ বান পৰিস্থিতি উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷